আলোচনা চক্ৰ পাতি বিপদ চপালে নেকি এছ আই টিয়ে...

জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ তদন্তক লৈ আলোচনাৰ বাবে ১৪অক্টোবৰ, ২০২৫তাৰিখে ৰাজ্যৰ বহুকেইজন ব্যক্তিক আমন্ত্ৰণ জনাইছিল এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। ভিন্ন ক্ষেত্ৰৰ প্ৰায় ২১গৰাকী ব্যক্তিক

author-image
Asomiya Pratidin
New Update
1f705499-36fe-47a4-99a5-cfdd5f860b1f

জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ ১০০শতাংশ খবৰৰ ভিতৰত ৯০শতাংশ খবৰ ইতিমধ্যে সকলোৱে গম পাইছে। কিন্তু সাধাৰণ মানুহে নজনা বাকী ১০শতাংশ খবৰ মঙলবাৰে এছ আই টিয়ে দিলে আমন্ত্ৰিত ৬গৰাকী ব্যক্তিক। আমি আগতে নোপোৱা কি এই নতুন তথ্য? ইফালে তদন্তৰ মাজতে এনে আলোচনাক বেআইনী আখ্যা দিলে অধিবক্তাই। এই আলোচনাৰ বাবে আগন্তুক সময়ত আদালতত বিপদত পৰিব নেকি এছ আই টি। সকলো সামৰি এক বিশেষ প্ৰতিবেদন...

জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ তদন্তক লৈ আলোচনাৰ বাবে ১৪অক্টোবৰ, ২০২৫তাৰিখে ৰাজ্যৰ বহুকেইজন ব্যক্তিক আমন্ত্ৰণ জনাইছিল এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। ভিন্ন ক্ষেত্ৰৰ প্ৰায় ২১গৰাকী ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল যদিও এই আলোচনাত ভাগ লয় মাত্ৰ ৬ গৰাকী ব্যক্তিয়ে। 

ইয়াৰ ভিতৰত আছিল অভিনেতা প্ৰাঞ্জল শইকীয়া, জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, সঞ্জীৱ ফুকন,  সাংস্কৃতিক কৰ্মী শিৱানু বৰা, সাহিত্যিক তথা চিকিৎসক ডা০ শুভ্ৰকিংকৰ গোস্বামী আৰু ডা০ হিতেশ বৰুৱা। এই আটাইকেইগৰাকী ব্যক্তিৰ সৈতে এছ আই টি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ভিন্ন দিশক লৈ আলোচনাত মিলিত হয়। 

প্ৰায় ২ঘন্টীয়া এই আলোচনা চক্ৰত বহুতে ভাৱি থকাৰ দৰে বিশেষ কোনো গুৰুত্বপূৰ্ণ কথা এই ৬গৰাকী ব্যক্তি অৱগত নকৰিলে। তেওঁলোকে এই কথা আলোচনাৰ পৰা ওলাই আহি সংবাদমাধ্যমৰ আগত সদৰি কৰিলে। তেওঁলোকে এই বুলিও ক'লে যে, আমাক যিখিনি কথা কোৱা হৈছে তাৰ ৯০শতাংশ কথা আপোনালোক ইতিমধ্যে কোৱা কথা। বাকী ১০শতাংশহে কিছু নতুন কথা আমাক কৈছে। 

এই ১০শতাংশ নতুন কথাৰ ভিতৰত কি কি কথা আছে? স্বাভাৱিকতে এই প্ৰশ্ন এতিয়া সকলোৰে মনত উদয় হৈছে।  কিন্তু এই কথাও ঠিক যে, যোৱা দুটা দিন ধৰি এই আমন্ত্ৰিত ব্যক্তিসকলক জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখাব বুলি যি চৰ্চা চলি আছিল। সেই চৰ্চা মিছা প্ৰমাণিত হ'ল। এছ আই টিয়ে এই আমন্ত্ৰিত ব্যক্তিসকলৰ সৈতে মৰণোত্তৰ প্ৰতিবেদনৰ সন্দৰ্ভত কোনো কথা নাপাতিলে। আৰু তেওঁলোকেও এই কথা জানিবলৈ ইচ্ছা প্ৰকাশ নকৰাৰ কথা অৱগত কৰে সংবাদ মাধ্যমত। 

এই ৬গৰাকী ব্যক্তিয়ে কি আহ্বান জনালে এছ আই টিৰ মুৰব্বীকঃ

১. ডাঃ হিতেশ ডেকাঃআমি এছ আই টি প্ৰধানক আহ্বান জনাইছো যে, এই চাৰ্জশ্বিটত কেৱল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয়। তাৰ লগতে তেওঁলোক আমি জুবিনক কিয় হেৰুৱালো, কাৰ ভুল, কাৰ অৱহেলা এই সকলোবোৰ দিশ চাৰ্জশ্বিটত গাথিঁ দিবলৈ অনুৰোধ কৰিছো। এই সকলোবোৰ কথা স্পষ্ট হব লাগিব। অসম প্ৰতিগৰাকী মানুহে জানিব লাগিব এই চাৰ্জশ্বিটখনৰ পৰাই দোষীক উচিত শাস্তি প্ৰদান কৰা হৈছে। আমি এই দাবী এছ আই টিৰ মুৰব্বীগৰাকীক কৰিছো।

২. প্ৰাঞ্জল শইকীয়াঃআমি বেলেগ একো বিচৰা নাই, আমি মাত্ৰ জুবিনৰ ন্যায় বিচাৰিছো। সেই কথাই আমি এছ আই টিৰ প্ৰধানক কৈছো। টানি টানি এই প্ৰক্ৰিয়াটো দীঘল নকৰিবলৈ আমি আহ্বান জনাইছো। আমাৰ কথাত সহাঁৰি দি মুন্না প্ৰসাদ গুপ্তাই কৈছে যে, ৯০দিনৰ ভিতৰত আমি খুবেই এখন শক্তিশালী চাৰ্জশ্বিট আদালতত জমা দিম। দোষী সাৰি যাব নোৱাৰে বুলি তেওঁ আমাক কৈছে। দোষী কোনো পধ্যোই সাৰি যাব নোৱাৰিব বুলি তেওঁ আমাক আশ্বাস প্ৰদান কৰিছে।

ছিংগাপুৰৰ পৰা প্ৰতিগৰাকী লোক পৰ্যায়ক্ৰমে আহিবলৈ বিচৰাৰ কথাও তেওঁ আমাক অৱগত কৰে। আমাক কোনো মৰণোত্তৰ পৰীক্ষা দেখুওৱা নাই আৰু আমি চাবলৈও বিচৰা নাই। আমি পৰামৰ্শ প্ৰদান কৰিছে যে, অসমৰ লক্ষ লক্ষ জনতাক চৰকাৰে কি পদক্ষেপ লব সেয়া স্পষ্ট কৰিব লাগে। ৫০জনৰো অধিক লোকে সাক্ষী দিয়াৰ কথাও তেওঁলোকে আমাক অৱগত কৰে। ছিংগাপুৰৰ পৰা অহা লোকসকলৰ মোবাইলৰ পৰাও ভিডিঅ সংগ্ৰহ কৰা বুলি আমাক জনায়।

৩. অতনু ভূঞাঃআজি তেওঁলোকে আমাক যিবোৰ কথা কৈছে,মোটামুটি ইয়াৰ ৯০শতাংশ কথা সাংবাদিকৰ আগত ইতিমধ্যে কৈছে। বাকী ১০শতাংশ কথাহে কিছু নতুন আৰু নোকোৱা কথা। পোষ্টমৰ্টেম ৰিৰ্পট আমাক দেখুওৱাতো সম্ভৱ নহয়, সেয়া আমি জানো। তেওঁলোকে দিয়া নতুন তথ্যবোৰৰ ভিতৰত এটা তথ্য মই দিব পাৰো যে, জুবিন গাৰ্গৰ দুৰ্ঘটনা বা ৰহস্যজনক মৃত্যুৰ সমগ্ৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে শ্যামকানু মহন্তৰ আৰ্থিক ব্যৱস্থাটোৰ খেলি-মেলিক লৈ ই ডিয়ে  তদন্ত কৰিব বুলি কিছু তথ্য অনানুষ্ঠিকভাৱে তেওঁলোকৰ হাতলৈ আহিছে বুলি আমাক জনাইছে।

দ্বিতীয়তে আমি যি শংকা প্ৰকাশ কৰি আছিলো যে, ছিংগাপুৰৰ লোক কেইজনক সাক্ষ্য লোৱা হৈছেনে নাই, ঘটনাস্থলীৰ পৰিৱেশক লৈ অধ্যয়ন কৰা হৈছে নে  নাই এইবোৰক লৈ তেওঁ আমাক জনায় যে, ছিংগাপুৰ আৰক্ষীয়েও এই ক্ষেত্ৰত তদন্ত কৰি আছে। আজি ছিংগাপুৰৰ পৰা মেইল কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়লৈ মেইল আহিছে যে, অসম আৰক্ষীৰ পৰা ছিংগাপুৰলৈ কোন কোন যাব বিচাৰে আৰু গৈ কি কি কৰিব বিচাৰে তাৰ তথ্য বিচৰা হৈছে।

দুই এদিনতে অসম আৰক্ষী ছিংগাপুৰলৈ যোৱাৰ অনুমতি লাভ কৰিব। কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল, কাৰোবাৰ দায়িত্বহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন হেৰাই গল নেকি, সেই এংগলটোও তেওঁলোকে চিন্তা কৰিছে। ঘটনাৰ আগৰ নিশা জুবিন গাৰ্গ কি পৰিৱেশ, পৰিস্থিতিত আছিল এই সকলো বিষয়ৰ ওপৰত অনুসন্ধান কৰি কিছু ভাল তথ্য লাভ কৰি বুলি আমাক সদৰি কৰিছে। আৰু কিছু তথ্য আছে যিবোৰ মই ৰাজহুৱা কৰিব নোৱাৰিম। কিন্তু ইয়াৰ জৰিয়তে মোৰ আগন্তুক সময় বাতৰি কৰাৰ লগতে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত সহায়ক হব। আমি লিখিত দাবীও তেওঁক প্ৰদান কৰিছো।

জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াক লৈ যাতে ভুল বাতৰি প্ৰকাশ নাপায়, তাৰ বাবে এগৰাকী নডেল অফিচাৰ নিযুক্তি দিয়াৰ বাবেও আমি দাবী জনাইছো। এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি আনি তদন্তৰ অগ্ৰগতিৰ সন্দৰ্ভত জনাওক যাতে ভুল বাতৰি প্ৰকাশ নহয়। আমি ন্যায় বিচাৰিছো, কিন্তু ১০দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই। কোনো যাতে সাৰি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে কিছু পৰামৰ্শও আমি প্ৰদান কৰিছো। তেওঁলোকে এটা প্ৰক্ৰিয়াৰ যোগেৰে আগবাঢ়িছে। আমি বহু কথা ভাৱি ললেই সচাঁ নহ'বও পাৰে। 

৪. শিৱানু বৰাঃ তদন্তকাৰী বিষয়সকলে আমাক জনালে যে, তেওঁলোকে জুবিন গাৰ্গৰ মেডিকেল হিষ্ট্ৰীটো বিচাৰিছে। তেওঁলোকে তাৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকে জুবিন গাৰ্গক কিদৰে অৱহেলা কৰা হৈছিল সেই সন্দৰ্ভতো কিছু প্ৰমাণ লাভ কৰিব বুলি ভাৱিছে। 

৫. ডাঃ শুভ্ৰকিংকৰ গোস্বামীঃ  আমাক জনোৱা হৈছে যে, ছিংগাপুৰৰ পৰা প্ৰৱাসী অসমীয়া ইতিমধ্যে ৭গৰাকী আহিছে আৰু বাকী ৩গৰাকী বুধবাৰে অসমলৈ আহিব। তেওঁলোকৰ ভাষ্যৰ সৈতে ইয়াৰ অভিযুক্ত সকলৰ ভাষ্য ৰিজাই চোৱা হৈছে আৰু ভিডিঅ' সমূহো তেওঁলোকৰ পৰা সংগ্ৰহ কৰা হৈছে। ছিংগাপুৰলৈ এছ আই টি কিয় যোৱা নাই সেই সন্দৰ্ভতো তেওঁলোকে বাখ্যা দিছে যে, ছিংগাপুৰৰ এৰ্টণী জেনেৰেলৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে।  মঙলবাৰে পুৱা তাৰ পৰা মেইল আহিছে। তেওঁলোকে ইয়াৰ পৰা কেইজন অফিচাৰ যাব তেওঁলোকে বিচাৰিছে।

আমি সাহসেৰে সকলো প্ৰশ্ন কৰিছো। আমি ইতিমধ্যে উকীলৰ সৈতেও আলোচনা কৰিছো যে, আমি অহাৰ বাবে কেছটো দুৰ্বল হ'ব পাৰে নেকি? আমি সেই বিষয়েও সচেতন আছিলো। কিন্তু এই তদন্তৰ কোনো গোপনীয় কথা আমাৰ সৈতে আলোচনা কৰা নাই। আমি অসম ৰাইজৰ কথাখিনি কবলৈ সুযোগ পাইছিলো আৰু সেয়াই ক'লো।

৬. সঞ্জীৱ কুমাৰ ফুকনঃআমাক কিয় মাতিছিল সেয়া স্পষ্টকৈ জনা নাছিলো। এগৰাকী দায়ৱদ্ধ নাগৰিক আৰু জুবিন অনুৰাগী হিচাপে আজি বৈঠকখনত উপস্থিত থাকিলো। মুন্না প্ৰসাদ গুপ্তাই আমাক এতিয়ালৈকে তদন্তৰ যি অগ্ৰগতি সেই অগ্ৰগতিৰ সন্দৰ্ভতহে আমাক মূলত জনায়। বাকী নতুন কথা বিশেষ নাই। ৯০শতাংশ খবৰ ইতিমধ্যে সকলোৱে জানে বুলিও আমাক কয় গুপ্তাই। বাকী ১০শতাংশ ভিতৰত আমাক দুটা নতুন খবৰ দিয়ে যে, মঙলবাৰে পুৱা ছিংগাপুৰৰ পৰা এখন মেইল আহিছে আৰু অসম আৰক্ষীয়েও এই মেইলৰ উত্তৰ ছিংগাপুৰলৈ প্ৰেৰণ কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে ৯০দিনৰ ভিতৰত এখন শক্তিশালী চাৰ্জশ্বিট দিবলৈ সক্ষম হম বুলি আত্মবিশ্বাসেৰে আমাক জনায় গুপ্তা ডাঙৰীয়াই। তেওঁলোকে অভিযুক্তসকলক লৈ এতিয়ালৈকে ধাৰা আৰোপ কৰা নাই যদিও, অতিকৈ শক্তিশালী ধাৰা নিৰূপণ কৰা হ'ব বুলি আমাক আশ্বাস দিয়ে। ৰাইজে যেনেধৰণে বিচাৰিছে তেনেধৰণেই এক ফলাফল তদন্তত ওলাব বুলিও আমাক জনায় তেওঁ।

ছিংগাপুৰৰ সৈতে ভাৰতৰ এক সুসম্পৰ্ক থকাৰ বাবে এই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট সহায়ক হৈছে বুলি তেওঁলোকে আমাক জনায়। প্ৰীতম ভূঞা, সুস্মিতা গোস্বামী, দেৱজ্যোতি গোস্বামী বুধবাৰে এছ আই টিত হাজিৰ হব বুলি কয়। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰূপকমল কলিতাৰ জৰিয়তে সম্ভৱপৰ হল বুলি আমাক জনায় এছ আই টিৰ মুৰব্বীগৰাকীয়ে। প্ৰথমবাৰ ৰূপকমল অসমলৈ আহি এছ আই টিত হাজিৰ হৈ উভতি যোৱাৰ পিছত বাকী ১১গৰাকী লোকৰ সৈতে ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে কথা পতাই দিছিল  গুপ্তাৰ সৈতে। অসমৰ পৰা আশ্বাস পোৱাৰ পাছতহে তেওঁলোক অসমলৈ আহি সাক্ষ্য দিয়াৰ বাবে প্ৰস্তুত হৈছে। 

এই আলোচনাক লৈ কি কয় অধিবক্তা অংশুমান বৰাইঃ

এছ আই টিৰ সৈতে আলোচনাত মিলিত হোৱা ৬গৰাকী ব্যক্তিয়ে যি কথা কৈছে সেই কথাখিনি সংবাদমেলৰ জৰিয়তেও  ক'ব পাৰিলেহেতেন। কিন্তু তাকে নকৰি কিয় এনেদৰে মাতি নিলে সেয়া মোৰ বাবে অবুজ সাথঁৰ। তেওঁলোকে যিহেতু কোনো কথা প্ৰকাশ কৰিব নোৱাৰে, গতিকে তদন্ত চলি থকাৰ সময়ত এনেদৰে  আলোচনালৈ মাতি নিয়াৰ কোনো যুক্তি আছে বুলি মই ভৱা নাই।

আইনৰ দৃষ্টিতো এই কাৰবাৰতো শুদ্ধ হৈছে বুলি মই ভৱা নাই। আদালতত এই ক্ষেত্ৰবোৰক লৈ বহু প্ৰতিবন্ধকতা আহিব পাৰে। এই ক্ষেত্ৰত কাইলৈ তেওঁলোক অধিবক্তাই দাবী কৰিব পাৰে যে, এই লোকসকলক কেৱল আলোচনাৰ বাবেহে মাতিছিল। তেওঁলোকৰ ওচৰত কোনো নিৰ্ভৰযোগ্য তথ্য নাই। 

আমন্ত্ৰণ কৰা লোকসকল জুবিন কাণ্ডৰ সৈতে কোনোধৰণে জড়িত নাই।  তেওঁলোকেও আদালতত পৰৱৰ্তী পৰ্যায়ত যোৱাৰ বাবে কোনো ৰাস্তা নাই। ইয়াৰ উত্তৰ পিছত দিব লাগিব তদন্তকাৰী মুৰব্বীগৰাকীয়ে। আদালতে প্ৰশ্ন কৰিব যে, তদন্তৰ সময়ত এনে কিছু লোকক মতা হৈছিল নেকি?  তেওঁ ইয়েছ ক'ব লাগিব তেতিয়া। 

তাৰ পিছতে আদালতে প্ৰশ্ন কৰিব যে, তেওঁলোকৰ সৈতে জুবিন গাৰ্গৰ কোনো সম্পৰ্ক আছিল নেকি? তেওঁলোকে তেতিয়া সেই সম্পৰ্কৰ খতিয়ান দাঙি ধৰিব লাগিব আদালতত। জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ তদন্ত যিহেতু চলি আছে, গতিকে এই ব্যক্তিসকল স্বতন্ত্ৰ সাক্ষীও হব নোৱাৰিব। গতিকে এনে লোকৰ সৈতে আলোচনা কৰাৰ কোনো অৰ্থই নাই। ইয়াৰ উত্তৰো মই বিচাৰি পোৱা নাই।  এই সকলোবোৰৰ প্ৰশ্নৰ  আদালতত উত্তৰ দিব লাগিব তদন্তকাৰী বিষয়াই।

এই আলোচনাক লৈ কি কয় অধিবক্তা জোনমণি দেৱী খাউণ্ডেঃ

এছ আই টিৰ এই আলোচনা অসাংবিধানিক। তদন্ত প্ৰক্ৰিয়া চলি থাকোতে তদন্তকাৰী বিষয়াই বাহিৰৰ কোনো লোকৰ সৈতে এনে আলোচনা কৰিব নোৱাৰে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা আছে। এই বিষয়ক লৈ তদন্তকাৰী মুৰব্বী গৰাকীয়ে কঠিন প্ৰশ্নৰ সন্মুখীন হব লাগিব। তদন্ত প্ৰক্ৰিয়া চলি থাকোতে আলোচনা প্ৰক্ৰিয়াটোৱেই হৈছে বেআইনী। তদন্তকাৰী বিষয়াগৰাকীয়ে কি আইনৰ ওপৰত ভিত্তি কৰি এনে আলোচনা আয়োজন কৰিলে তাৰ উত্তৰ দিয়ক। 

এনেকৈয়ে এতিয়া মঙলবাৰৰ দিনটোত এছ আই টিয়ে ব্যক্তিসকলক আমন্ত্ৰণ কৰা প্ৰসংগটোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে সকলোৱে বিচাৰিছে জুবিনক লৈ চলা তদন্ত যাতে সৰু ভুলৰ বাবে কোনো সুৰুঙা ৰৈ নাযায়...

জুবিন গাৰ্গ