কেৱল ধনেই নহয়! আপোনাৰ সন্মানৰ লগতে প্ৰাণো যাব পাৰে টোলগেটত...

জনতাক টোলেগেটে দিয়া মাধমাৰ কোনো নতুন কথা নহয়। টোলগেটৰ প্ৰভাৱ  প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেনেকৈ  জনতাৰ ওপৰত পৰে সেয়া সকলোৱে জানে। লক্ষ্যণীয়ভাৱে জেপৰ ধন খৰছ কৰি ৰাষ্ট্ৰীয় ঘাইপথত চফৰ কৰা

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 2024 (3)

টোলগেটৰ মাচুল হঠাতে বৃদ্ধি হয়। সাধাৰণ জনতাই সেই কথা কেতিয়াবা গমকে নাপায়। টোল গেটত ধন দিয়াৰ সময়ত বিবুধিত কৰে জনতা। আৰু সেই বিবুধিত পৰা জনতাৰ ওপৰত বেয়া ব্যৱহাৰ, কেতিয়াবা প্ৰহাৰৰ দৰে ঘটনাা সংঘটিত হয় টোলগেট সমূহত। শেহতীয়াকৈ এগৰাকী ভাৰতীয় সেনাৰ জোৱানক মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল টোলগেটত। অসমতো প্ৰায়ে সংঘটিত হয় নঘটিবলগীয়া বহু ঘটনা। সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

জনতাক টোলেগেটে দিয়া মাধমাৰ কোনো নতুন কথা নহয়। টোলগেটৰ প্ৰভাৱ  প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেনেকৈ  জনতাৰ ওপৰত পৰে সেয়া সকলোৱে জানে। লক্ষ্যণীয়ভাৱে জেপৰ ধন খৰছ কৰি ৰাষ্ট্ৰীয় ঘাইপথত চফৰ কৰা পথচাৰীয়ে এই টোলগেটসমূহত সন্মুখীন হোৱা তিতা অভিজ্ঞতা ঘটনা দিনক দিনে বৃদ্ধিৰ পাবলৈ ধৰিছে।

অসমতো প্ৰায় সকলো টোলগেট পৰিচালনা কৰে বহিৰাগত কোম্পানীয়ে। টোলগেটত কৰ সংগ্ৰহ কৰা বহিৰাগত কৰ্মচাৰী সকলৰ ব্যৱহাৰো খুবেই বেয়া। সামান্য কথাতে টোল কৰ প্ৰদান কৰা লোককো অতি বেয়া ব্যৱহাৰৰ লগতে প্ৰহাৰ কৰা পৰ্যন্ত ঘটনাও সংঘটিত হৈছে অসমত।

টোলগেটত বহিৰাগতৰ এই দপদপনি আৰু গুণ্ডাগিৰিক লৈ সময়ে সময়ে প্ৰতিবাদো কৰি আহিছে দল-সংগঠনে। জাতীয় দল-সংগঠনৰ ওচৰত ঘটনা সংঘটিত কৰি ক্ষমা খোজাৰ পাছত পুনৰ একে কাণ্ডই সংঘটিত কৰে এইসকলে। জনতাক বাৰে বাৰে মানসিক হাৰাশাস্তি চলাই ভিন্ন নীতি-নিয়মৰ দোহাই দি এই টোলগেট সমূহে অসমতে নহয়,দেশৰ সকলো প্ৰান্ততে চলাই আহিছে সন্ত্ৰাস।

টোলগেটৰ এনে গুণ্ডাগিৰি আৰু সন্ত্ৰাসৰ শেহতীয়া উদাহৰণ হৈছে  মিৰাটত যোৱা ১৭আগষ্টত সংঘটিত হোৱা এটা ঘটনা। এই এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। যোৱা ১৭আগষ্টত সামান্য কথাতে মিৰাটৰ ৭০৯নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত মিৰাট-কৰ্ণলৰ টোলগেটৰ কৰ্মচাৰীয়ে এগৰাকী সেনা জোৱানক বান্ধি লৈ প্ৰহাৰ কৰিছিল।

এই প্ৰহাৰ ইমানেই ভয়ংকৰ আছিল যে সেনা জোৱানগৰাকীৰ শেহতীয়াকৈ মৃত্যু হৈছে। জোৱানগৰাকীক কেনেদৰে প্ৰহাৰ কৰিছিল তাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশতে হাঁহাকাৰ লাগে। সেনা জোৱানগৰাকীৰ মৃত্যুৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বহুলোকে।

ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উক্ত টোলগেটখন পৰিচালনা কৰা প্ৰতিষ্ঠানটোক ২০লাখ টকাৰ জৰিমণাৰ লগতে আগন্তুক সময়ত টোল গেটৰ কোনো নিবিদা প্ৰক্ৰিয়াত যাতে অংশ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। শ্ৰীনগৰত ভাৰতীয় সেনাত কৰ্মৰত যুৱকগৰাকী মিৰাটৰ ঘৰৰ পৰা কৰ্তব্যস্থলীলৈ যোৱাৰ পথতে সংঘটিত হৈছে এই ঘটনাতো।

দেশৰ বহু ৰাজ্যৰ টোলগেটসমূহত সাধাৰণতে দেশৰ জৰুৰীকালিন সেৱাৰ সৈতে জড়িত লোকসকলৰ টোলকৰ মাফ কৰাৰ এক প্ৰক্ৰিয়া আছে। সেই কথাটোকে বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল সেনা জোৱানগৰাকীয়ে। কিন্তু দেশমাতৃৰ সেৱাত কৰ্মৰত সেনা জোৱানগৰাকীৰ এই কথা বুজিবলৈ চেষ্টা নকৰি খুঁটাত বান্ধি প্ৰহাৰ কৰে টোলগেটৰ কৰ্মচাৰীসকলে।

অসমত অৱশ্যে এনে নৃশংস ঘটনা সংঘটিত হোৱা নাই যদিও কিছু মাহৰ পূৰ্বে নাজিৰাখাটৰ টোলগেটতো এগৰাকী স্থানীয় ব্যক্তি তথা অটোচালকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল টোলগেটৰ কৰ্মচাৰীসকলে। এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত ক্ষমা খুজিছিল টোলগেট পৰিচালনা কৰা কোম্পানীটোৱে।

অসমত বহু টোলগেটত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বিশিষ্ট লোকসকলক ৰাজপথত ৰখাই অপমান কৰাৰ নজিৰ আছে। চৰকাৰে বাৰে বাৰে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকক এই টোলকৰ সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ দিয়ে যদিও বহিৰাগত কোম্পানীয়ে চৰকাৰ এই নিৰ্দেশলৈ কোনো কেৰেপেই নকৰে।

অসমৰ বেছিভাগ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে । বহুত ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ পথ মৰণফান্দ সদৃশ হৈ পৰিছে । এইক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো গুৰুত্ব নাই । তাৰ বিপৰীতে কিন্তু টোলগেটৰ জৰিয়তে ৰাইজৰ পৰা টোল কৰ সঠিকভাৱে আদায় কৰি আছে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীৰ বাবে নিয়মানুসাৰি থাকিবলগীয়া সা-সুবিধা নথকাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যৰ ১০ খন টোলগেটৰ জৰিয়তে ৰাজ্যবাসীক কেঁকোৰাচেপা দিয়েই আছে ।

মন কৰিবলগীয়া যে, অসমৰ বৰপেটাৰোডৰ পৰা গুৱাহাটীলৈ অহা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত দুখন টোলগেট আছে । কিন্তু পথৰ অৱস্থা জৰাজীৰ্ণ । আকৌ ডিমা হাছাও হৈ শিলচৰলৈ নিৰ্মাণ কৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ নৌহওতেই বহুত ঠাইত পথ মৰণফান্দ সদৃশ হৈ পৰিছে । ইপিনে মঙলদৈ হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থাও জৰাজীৰ্ণ । মন কৰিবলগীয়া যে, টোলকৰৰ বাবেই নিত্য ব্যৱহার্য বিভিন্ন সামগ্ৰীৰ দাম আকাশলংঘী হৈছে ।

জানিব পৰা মতে, লখিমপুৰ, গোলাঘাট, শোণিতপুৰ জিলাকে ধৰি অন্য স্থানত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পর্যায়ক্ৰমে আৰু ১৮ খন নতুন টোলগেট স্থাপনৰ পৰিকল্পনা লৈছে । সেই ১৮ খন টোলগেট সম্পূৰ্ণ হৈ উঠিলে বৰ্তমানৰ ৯ খনকে ধৰি অসমত মুঠ টোলগেটৰ সংখ্যা ২৭ লৈ বৃদ্ধি পাব । 

নাজিৰাখাটৰপৰা কোকৰাঝাৰলৈ দূৰত্ব প্ৰায় ২৫০ কিঃ মিঃ । এই পথছোৱা পাৰ হ’বলৈ হ’লে পাঁচখন টোলগেট পাৰ হ’বলগীয়া হয় । সেইকেইখন হ’ল নাজিৰাখাট, মদনপুৰ, গলিয়া, দাহালপাৰা আৰু পাটগাঁও টোলগেট । এইকেইখন টোলগেট পাৰ হ’লে ব্যক্তিগত চাৰিকীয়া বাহন লৈ যোৱা এজন ব্যক্তিয়ে এবাৰত টোলকৰৰ বাবদ ৫০০ টকা ভৰিব লাগে । সেইদিনাই উভতি আহিলে অহা-যোৱা বাবদ তেওঁ আদায় দিব লাগিব ৭৪৫ টকা ।

আনহাতে, এই পথছোৱা এখন বাছ বা ট্ৰাকে পাৰ হ’লে এবাৰত পাঁচখন টোলগেটত ১৬৯০ টকা আৰু সেইদিনাই উভতি আহিলে অহা-যোৱাৰ বাবদ ২৫৩৫ টকা আদায় দিব লাগে । উদ্বেগজনক কথাটো হ’ল অহা বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ টোলগেটৰ কৰৰ পৰিমাণ পুনৰ বৃদ্ধি কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

জানিব পৰা মতে, অসমৰ দৰে এখন সৰু ৰাজ্যয়ো ২০২২-২৩ বৰ্ষত টোলগেটৰ জৰিয়তে ৪৬৫.৯০ কোটি টকা আদায় দিছে । ২০২০ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহলৈ অসমৰ টোলগেটত সংগ্ৰহ হৈছিল ২৮৯.৫৫ কোটি টকা । এনেদৰে কেন্দ্ৰীয় চৰকাৰে ৰাইজক টোলগেটৰ নামত টেটুচেপা দি আছে ।

উল্লেখ্য যে ৰাজ্যত বৰ্তমান কাৰ্যকৰী হৈ থকা টোলগেটসমূহৰ যোগেদি চৰকাৰে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে । ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে এটা বছৰতে টোলগেটৰ জৰিয়তে অসমৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় ৪৬৬ কোটি টকা ।

মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমত ৪৬৫.৯০ কোটি টকাৰ টোল মাচুল সংগ্রহ হৈছে ।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নিয়ম অনুসৰি এখন টোলগেট পৰা আন এখন টোলগেটৰ দূৰত্ব কমেও ৬০ কিলোমিটাৰ হ’ব লাগে । কিন্তু অসমত একমাত্র ৰাজহ সংগ্ৰহৰ বাবেই এই নিয়ম ভংগ কৰি চাৰিখনকৈ টোলগেট ৬০ কিলোমিটাৰৰ কম ব্যৱধানত স্থাপন কৰা হৈছে ।

তথ্য অনুসৰি মদনপুৰ আৰু নাজিৰাখাটত স্থাপন কৰা দুখন টোলগেটৰ মাজৰ দূৰত্ব হৈছে ৫৯ কিলোমিটাৰ । একেদৰে দাহালপাৰা আৰু পাটগাঁৱৰ মাজৰ দুখন টোলগেটৰ দূৰত্ব ৫৪ কিলোমিটাৰ, মিকিৰআটি আৰু ৰহাত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ আৰু গলিয়া-দাহালপাৰা টোলগেট দুখনৰ দূৰত্ব হৈছে ৪৬ কিলোমিটাৰ । ইফালে প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে আকৌ ৫-১৫ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধি কৰি আহিছে ।

সমগ্ৰ ভাৰতত বৰ্তমান টোলগেটৰ সংখ্যা ১,০৬৩খন। ইয়াৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পৰিচালনা কৰে ১,০০৩খন গেট। ৩৩৯চন টোলগেট পৰিচালনাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। এই টোলগেটসমূহৰ পৰা এদিনতে সংগ্ৰহ কৰা হয় ১৯০কোটিৰো অধিক টকা। ফাষ্টটেগৰ জৰিয়তে কৰ দিয়াৰ সুবিধা প্ৰায় সকলো টোলগেটতে আছে যদিও প্ৰায় ২০শতাংশ লোকে এতিয়াও ব্যৱহাৰ নকৰে এনে ফাষ্টটেগ। এনে লোকসকলৰ প্ৰায়বিলাকৰ ক্ষেত্ৰতে বেয়া ব্যৱহাৰ কৰে টোলগেটৰ কৰ্মচাৰীসকলে।

ধন দিহে ৰাষ্ট্ৰীয় ঘাইপথত চফৰ কৰে জনতাই। কেতিয়াবা যদি হঠাতে মূল্যবৃদ্ধি হয় তেন্তে নিশ্চিতভাৱে জনতাই প্ৰশ্ন কৰিবই। সেই প্ৰশ্নৰে সদোত্তৰ নিদি বেয়া ব্যৱহাৰ বা প্ৰহাৰ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। সেয়েহে এতিয়া বহুলোকে টোলগেট সমূহক এক সন্ত্ৰাসৰ লগতে অপমানিত হোৱাৰ এক মাধ্যম হিচাপেও গণ্য কৰে। টোলকৰ সংগ্ৰহ কৰাৰ উপৰি চৰকাৰে এই দিশটোৰ ওপৰতো সচেতন হোৱাৰ সময় আহি পৰিছে। 

অবৈধ টোলগেট