/asomiyapratidin/media/media_files/2025/08/18/ujjjd-2025-08-18-23-19-45.jpg)
বয়সত সমনীয়া দুয়ো। পাৰ্থক্য মাথো ১৬মাহৰ। বয়সৰ ক্ষেত্ৰত দুয়োগৰাকী নেতা প্ৰায় সমান হোৱাৰ বাবে তেওলোকৰ চিন্তা-চৰ্চাও প্ৰায় একে হ'ব লাগিছিল। দুয়োগৰাকী হ 'ব লাগিছিল নলে-গলে লগা বন্ধু। কিন্তু ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এনে নহ'ল। অসমীয়া প্ৰতিদিন ডিজিটেল এক বিশেষ প্ৰতিবেদন...
হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধী। এসময়ত দুয়োগৰাকী একেটা দলতে থাকি এগৰাকীয়ে ৰাজ্য আৰু আনগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনীতি কৰিছিল। এসময়ত ৰাহুল গান্ধীৰ ওপৰতে অসন্তুষ্টি ব্যক্ত কৰি ভিন্ন অভিযোগেৰে থকা-সৰকা কৰি কংগ্ৰেছ ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
বহুতে সময়ে সময়ে প্ৰশ্ন উত্থাপন কৰে যে, প্ৰায় একে বয়সৰ হৈও কিন্তু দুয়োগৰাকী নেতা কেতিয়াও বন্ধু হব নোৱাৰিলে! বহুতে কয় ৰাহুল গান্ধীৰ মতগৰ্বিতাৰ বাবেই সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনৈতিক নেতা বৰ বেছি গুৰুত্বই প্ৰদান কৰা নিছিল। বন্ধুত্ব বহু দূৰৰ কথা।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বয়সত ৰাহল গান্ধীতকৈ হিমন্ত বিশ্ব শৰ্মা ১৬মাহৰ ডাঙৰ। ৰাহুল গান্ধীৰ জন্ম হৈছিল ১৯৭০চনৰ ১৯জুনত। ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯চনৰ ১ফেব্ৰুৱাৰীত। গতিকে দুয়োগৰাকী নেতা বয়সৰ ক্ষেত্ৰত প্ৰায় সমসাময়িক আছিল।
বয়সৰ ক্ষেত্ৰত দুয়োগৰাকী নেতা প্ৰায় সমান হোৱাৰ বাবে তেওলোকৰ চিন্তা-চৰ্চাও প্ৰায় একে হ'ব লাগিছিল। কিন্তু কংগ্ৰেছত থকাৰ সময়তো হিমন্ত বিশ্ব শৰ্মাতকৈ ৰাহুল গান্ধীয়ে বিশ্বাস আৰু গুৰুত্ব দিছিল প্ৰয়াত তৰুণ গগৈকহে। কংগ্ৰেছত তীব্ৰ বিসম্বাদ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত ৬০ৰো অধিক বিধায়ক থকাৰ পাছতো ৰাহুল গান্ধীয়ে হাত ৰাখিছিল তৰুণ গগৈৰ কান্ধতহে।
২০১৫চনত তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োটা শিবিৰৰ সঘন আহ-যাহ চলিছিল দিল্লীলৈ। এদিন দুয়োপক্ষৰ বিবাদ নিষ্পত্তি কৰিবলৈ ৰাহুল গান্ধীৰ ঘৰত আয়োজন কৰা হৈছিল বৈঠকৰ। তেতিয়াৰ কংগ্ৰেছ সভাপতি অঞ্জন দত্ত আৰু হিমন্ত বিশ্ব শৰ্মা গৈ ৰাহুল গান্ধীক লগ ধৰিছিল। ড০ শৰ্মাই সমগ্ৰ প্ৰেক্ষাপটৰ সন্দৰ্ভত ৫মিনিট সময় কোৱাৰ পাছতে খং কৰি ৰাহুলে হিমন্ত বিশ্ব শৰ্মাক হেনো কৈছিল- মোৰ ওচৰলৈ আপুনি দ্বিতীয় বাৰ নাহিব। আপুনি কি বিচাৰে সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়।
ৰাহুল গান্ধীৰ এই ব্যৱহাৰত বৰ দুখ পাইছিল এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেজাৰ মনেৰে উভতি আহিছিল অসমলৈ। সেইদিনটোতেই হিমন্ত বিশ্ব শৰ্মাক চাহ প্লেটত দিয়া বিস্কুট ৰাহুল দিছিল তেওৰ পোহনীয়া কুকুৰটোক। ইমানখিনি ব্যৱহাৰ পোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস ৰাখিছিল ছোনিয়া গান্ধীৰ ওপৰত।
ছোনিয়া গান্ধীৰ পৰা তেও এদিন সাক্ষাতৰ অনুমতি উলিয়ালে। অনুমতি পোৱাৰ পাছতে সেই সময়ৰ কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে সেইদিনা হিমন্ত বিশ্ব শৰ্মাক পিছ দুৱাৰেদি সোমাবলৈ ক'লে। হিমন্ত বিশ্ব শৰ্মাই ছোনিয়া গান্ধীক লগ পায়েই সুধিছিল- মেডাম, মোক কিয় এনেদৰে আহিবলৈ দিয়া হ'ল। তাৰ উত্তৰ ছোনিয়াই কৈছিল- ছোৱা হিমন্ত,তুমিও এজন পিতৃ। এগৰাকী মাতৃ হিচাপে মই মোৰ সন্তানৰ ইচ্ছাৰ বিৰুদ্ধে যাব নোৱাৰো।
হিমন্ত বিশ্ব শৰ্মাই আৰু ছোনিয়া গান্ধীক কোনো কথাই নক'লে। তেওৰ শেষ ভৰষাকণো কংগ্ৰেছত নাইকিয়া হৈছিল। অৱশেষত ২০১৫চনৰ জুলাইত কংগ্ৰেছ ত্যাগ কৰিছিল ড০ শৰ্মাই। তাৰ পিছতে বিজেপিত যোগদান আৰু অসমত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলোফালে অপ্ৰতিৰোধ্যভাৱে ফুলি উঠিছিল পদুম।
হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ পাছত এতিয়া বিজেপিৰো তেও অতিকৈ এগৰাকী গুৰুত্বপূৰ্ণ নেতা। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পাৰদৰ্শিতাৰ কথা দোহাৰে। তাৰ ভিতৰত এগৰাকী গোলাম নবী আজাদ। গোলাম নবী আজাগে এবাৰ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাহুল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পাৰদৰ্শিতাক লৈ তুলনামূলক এক উদাহৰণ দাঙি ধৰিছিল।
আজাদে কৈছিল যে, ৰাহুল গান্ধীতকৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পাৰদৰ্শিতা বহু ওপৰত। ২০১২ৰ উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ দায়িত্ব আছিল ৰাহুল গান্ধীৰ ওপৰত। কংগ্ৰেছ দলে সেইবাৰ মাত্ৰ ২৮খন আসন দখল কৰিছিল ৰাজ্যখনত। ২০০৯চনৰ লোকসভা নিৰ্বাচনতকৈ প্ৰায় ৯শতাংশ ভোট কমিছিল ৰাহুলৰ নেতৃত্বত খেলা বিধানসভা নিৰ্বাচনত।
ইয়াৰ বিপৰীতে আজাদে কৈছিল যে, ২০১১চনত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অভিলেখ সংখ্যক আসন লাভেৰে শাসনলৈ আহিছিল। এই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আমি দিল্লী কাৰ্যালয়ত প্ৰায়ে আলোচনা কৰিছিলো। আনকি দিল্লীত জ্যেষ্ঠ নেতাসকলে হিমন্ত আৰু ৰাহুলৰ ৰাজনৈতিক দক্ষতাক লৈও আলোচনা কৰাৰ কথা সদৰি কৰিছিল আজাদে।
কিন্তু সকলো সম্ভাৱনা থকাৰ পাছতো একেটা দলতে থাকি দুটা মেৰুত বাস কৰিছিল ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাই। বয়সত সমপৰ্যায়ৰ হ'লেও মিলা নাছিল মন। সেইবাবেই অৱশেষত কোনো ৰাস্তা নেদেখি ঠিকনা সলনি কৰিছিল ড০ শৰ্মাই...