/asomiyapratidin/media/media_files/2025/12/08/lekha-2025-12-08-10-57-34.jpg)
দেশৰ বিমান পৰিবহন ব্যৱস্থাক একপ্ৰকাৰৰ বিধ্বস্ত কৰি পেলাইছে ইণ্ডিগ'ই। বিগত প্ৰায় ৬টা দিনত যি বিপৰ্যয় আহিছে ভাৰতবৰ্ষৰ ইতিহাসত কেতিয়াও বিমান পৰিবহনক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। ইণ্ডিগ'ৰ পৰিকল্পনাবিহীন ব্যৱস্থাক সকলোৱে দোষাৰূপ কৰিছে। যাত্ৰীসকলক শ শ কোটি কোটি টকা উভতাই দিব লগা হোৱাৰ পাছতো যেন এই ব্যৱস্থাটোক স্বাভাৱিক কৰিবলৈ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ইণ্ডিগ'ই।
প্ৰতিটো দিনতেই শতাধিক বিমান বাতিল কৰি শ শ কোটি টকা লোকচানৰ পাছতো যেন ইণ্ডিগ' কৰ্তৃপক্ষৰ গা লৰা নাই। চৰকাৰৰ সৈতে আলোচনা কৰিলেও কোনোবাখিনিত ইণ্ডিগ'ৰ কৰ্তৃপক্ষৰো ক্ষোভ প্ৰতিফলিত হৈছে। সেয়েহে হয়তো উত্তেজিত যাত্ৰীক ইণ্ডিগ'ই কৰ্তৃপক্ষই এই পৰোক্ষভাৱে বাৰ্তা প্ৰদান কৰিছে যে, চৰকাৰী নিয়ম পালন কৰিবলৈ যোৱাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।
দৰাচলতে পাইলটৰ জিৰণি আৰু কৰ্তব্যৰ সময়ৰ বাবে কেন্দ্ৰৰ নতুন নিয়ম— ফ্লাইট ডিউটি টাইম লিমিটেচন চমুকৈ এফডিটিএল প্ৰযোজ্য হোৱা নাছিল ইণ্ডিগ’ত। যাৰ বাবে বহু পাইলটে বাধ্যতামূলক অৱসৰ ল’ব লগা হৈছিল ইণ্ডিগ’ৰ পৰা। বিগত প্ৰায় দুটা বছৰ এই বিষয়ক লৈ প্ৰতিষ্ঠানটোৰ ভিতৰত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছিল। চৰকাৰেও বিগত কেইটামান বছৰৰ পৰা অত্যাধিক হেচাঁ দিছিল ইণ্ডিগ'ক।
পূৰ্বৰে পৰাই চৰকাৰী নিয়ম নমনা ইণ্ডিগ'ক কেন্দ্ৰই চৰকাৰী নিয়ম পালন কৰিবলৈ কাঢ়া নিৰ্দেশ দিছিল। নহ'লে বিমান পৰিবহনত তেওঁলোকৰ অংশীদাৰিত্ব কৰ্তন কৰাৰ কথাও চৰ্চাও হৈছিল। অৱশেষত ইণ্ডিগ'ই এই নিয়ম প্ৰযোজ্য কৰিছিল। কিন্তু পূৰ্বৰে পৰাই পাইলট তথা কম কৰ্মচাৰীয়ে কাম চলাই অহা ইণ্ডিগ'ত এনে নিয়ম হঠাতে প্ৰযোজ্য কৰাত স্বাভাৱিকতে এক মিলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ'ল।
এইখিনিলৈকে সকলোৱে বুজিছে। কিন্তু ইণ্ডিগ'ই ইমান অনিয়ম কৰিবলৈ চল পালে কেনেকৈ? এই প্ৰশ্নও উদয় হৈছে সচেতন মানুহৰ মনত। এই প্ৰশ্নই মানুহৰ মত দোলা দি থকাৰ সময়তে কংগ্ৰেছে এক ডাঙৰ অভিযোগ আনিলে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে। কংগ্ৰেছ অভিযোগ উত্থাপন কৰিলে যে, মোডী চৰকাৰৰ বিমান পৰিবহনক লৈ গ্ৰহণ কৰা একচেটিয়া নীতিৰ বাবেই আজি এনে অৱস্থাৰ উদ্ভৱ হৈছে দেশত।
বিজেপিয়ে বিমান পৰিবহনৰ ক্ষেত্ৰত কিয় এনে একচেটিয়া সিদ্ধান্ত লৈছিল? এই প্ৰশ্নৰো উত্তৰ দিলে কংগ্ৰেছে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে, ইণ্ডিগ'ই বিজেপিক সৰ্বাধিক চান্দা প্ৰদান কৰিছিল। তথ্য প্ৰমাণসহ কংগ্ৰেছে ক'লে যে, ইণ্ডিগ'ৰ অংশীদাৰিত্ব থকা ইণ্ডাৰগ্লোবে বিজেপিৰ প্ৰায় ৩৬কোটি টকাৰ বণ্ড কিনাৰ লগতে আন এগৰাকী মালিক ৰাহুল ভাটিয়াই বিজেপিৰ পৰা ২০কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। যাৰ বাবে বিমান পৰিবহনৰ ক্ষেত্ৰত ইণ্ডিগ'ক সৰ্বাধিক অংশীদাৰিত্ব প্ৰদান কৰা হৈছিল।
কংগ্ৰেছৰ এই অভিযোগ বাৰু বাদ দিলো। যদিহে দেশৰ বিমান পৰিবহন খণ্ডৰ অংশীদাৰিত্ব সচাঁকৈয়ে আপুনি চাবলৈ যায়. তেন্তে দেখিব যে, এই ক্ষেত্ৰখনত সৰ্বাধিক প্ৰভূত্ব আছে ইণ্ডিগই । বিমান পৰিবহন ক্ষেত্ৰখনত প্ৰায় ৬৩ শতাংশ দখল আছে ইণ্ডিগৰ।
এয়াৰ ইণ্ডিয়াতকৈ প্ৰতিদিনে প্ৰায় দুগুণ বিমান পৰিচালনা কৰে ইণ্ডিগ'ই। দেশৰ বিমান পৰিবহন ক্ষেত্ৰখনত ইণ্ডিগ'ই অকলেই ৬৩শতাংশ দখল কৰা বিপৰীতে এয়াৰ ইণ্ডিয়াই ১৩.০৬শতাংশ, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ৬.৩শতাংশ, ভিষ্টাৰাই ৫.৭শতাংশ, আকাশা এয়াৰে ৪.৬শতাংশ, স্পাইচ জেটে ৩.২শতাংশ, এক্সিছ কনটেকে ২.৩শতাংশ ক্ষেত্ৰত আৱৰি আছে।
এই পৰিসংখ্যাৰ পৰা দেখিলেই বুজিব পাৰি যে, দেশৰ বিমান পৰিবহন ক্ষেত্ৰখনত ইণ্ডিগ'ৰ প্ৰভূত্ব কিমান। দেশৰ পৰিবহন ক্ষেত্ৰখনত আধাতকৈ অধিক অংশ অকলেই দখল কৰি থকা ২০বছৰীয়া ইণ্ডিগ'ই এতিয়া ওভত গোৰে নাচিছে। তেওঁলোকে এটা কথা জানিছে যে, দেশৰ বিমান পৰিবহনত তেওঁলোক সৈতে একস্ৰত্ৰী ৰজাৰ লেখীয়া। তেওঁলোকৰ অভাৱ হঠাতে কোনো পূৰণ কৰিব নোৱাৰে।
ব্যৱসায়িক ক্ষেত্ৰত লাভৰ কথা চিন্তা কৰি চৰকাৰী নীতিক ভৰিৰে মোহাৰিবলৈ ইণ্ডিগ'ই এনে সাহস ক'ৰ পৰা কেনেকৈ লাভ কৰিলে! ইমান অনিয়মেৰে সূদীৰ্ঘ কাল কাম কৰি থকা ইণ্ডিগ'ক লৈ হঠাতে চৰকাৰ কিয় নৰম হ'ল? পূৰ্বতেও অভিযোগ উত্থাপিত হৈছিল যে, দেশৰ বিমান পৰিবহন ব্যৱস্থাটোত সৰু সৰু প্ৰতিষ্ঠানে ভূমুকি মৰাৰ ৰাস্তা ইণ্ডিগ'ৰ সৈতে লগ লাগি ৰুদ্ধ কৰি দিছিল ভাৰতৰ বিমান পৰিবহন বিভাগে।
যদি এয়াই সচাঁ হয়, তেন্তে এই সকলোবোৰৰ ফল ভুগিছে আজি সাধাৰণ জনতাই। চৰকাৰৰ নীতি পালন কৰিবলৈ গৈ এনে অৱস্থা হোৱা বুলি বিমান বন্দৰবোৰত প্ৰচাৰ চলোৱা ইণ্ডিগ'ক কেনেকৈ চৰকাৰে নিয়ন্ত্ৰণ কৰে সেয়া সময়েহে ক'ব। কিন্তু ইয়াৰ মাজতে চৰ্চা চলিছে যে, এনে অৱস্থা অব্যাহত থাকিলে ইণ্ডিগ'ৰ মালিকো সলনি হ'ব পাৰে কম সময়ৰ ভিতৰতে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us