/asomiyapratidin/media/media_files/2025/08/24/yhhh-2025-08-24-19-53-42.jpg)
দেশৰ সবাতোকৈ ধনী মুখ্যমন্ত্ৰীগৰাকী হৈছে চন্দ্ৰবাবু নাইডু। বহুতৰে মনত প্ৰশ্ন উঠিছে ইমান টকাৰ গৰাকী কেনেকৈ হ'ল চন্দ্ৰবাবু? ৰাজনীতিৰ বাহিৰেও আৰু কি কৰে চন্দ্ৰবাবুয়ে? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
দেশৰ সবাতোকৈ ধনী মুখ্যমন্ত্ৰী তেওঁ । তেওৰ সম্পত্তিৰ পৰিমাণ ৯৩১কোটি টকা। কিন্তু তেওৰ ব্যৱসায়িক সম্পত্তিৰ পৰিমাণ প্ৰায় ৬,৭৭৫কোটি টকা। বহু উত্থান-পতনক সামৰি তেওঁ আজি উপস্থিত হৈছে এই পৰ্যায়ত। বিজেপিৰ অগ্ৰাসী নীতিক উফৰাই তেওঁ অন্ধ্ৰপ্ৰদেশত গঠন কৰিছিল চৰকাৰ, হৈছিল মুখ্যমন্ত্ৰী। পিছৰ পৰ্যায়ত একাধিক চৰ্ত সাপেক্ষে বিজেপিক লগত লৈ অন্ধ্ৰপ্ৰদেশত শাসন কৰা দেশৰ সবাতোকৈ ধনী মুখ্যমন্ত্ৰী গৰাকীয়েই হৈছে চন্দ্ৰবাবু নাইডু।
অইন ৰাজনৈতিক নেতাৰ দৰে জীৱনৰ গৰাকী নহয় চন্দ্ৰবাবু নাইডু। নাইডুৰ এই বৃহৎ সম্পত্তিৰ পাহাৰ আন ৰাজনৈতিক নেতাৰ দৰে কম দিনতে গঢ় লৈ উঠা নাছিল। ৰাজনৈতিক নেতা হোৱাৰ সমান্তৰালভাৱে নাইডু হৈছে এগৰাকী প্ৰভাৱশালী ব্যৱসায়ীও।
ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ কিছুদিনৰ পিছতে চন্দ্ৰবাবু নাইডুৱে আৰম্ভ কৰিছিল এক ব্য়ৱসায়। সেয়া আছিল ১৯৯২চন। ৰাজনীতিৰ সমানে ব্যৱসায় কৰিবলৈ মন মেলা চন্দ্ৰবাবু নাইডুৰ হাতত নাছিল পৰ্যাপ্ত পৰিমাণৰ মূলধন। হাতত থকা ৭হাজাৰ টকাৰে আৰম্ভ কৰিলে হেৰিটেজ ফুডটছ লিমিটেড নামৰ এটা কোম্পানী।
ৰাজনীতিৰ লগতে ব্যৱসায়তো কপাল ভাল আছিল নাইডুৰ। ১৯৯৪চনত শ্বেয়াৰ মাৰ্কেটত লিষ্টেড হ'ল নাইডুৰ হেৰিটেজ ফুডটছ লিমিটেড নামৰ কোম্পানীতো। কোম্পানীটোৰ আই পি অ ৫৪শতাংশ বৃদ্ধি পালে। দুবছৰতে প্ৰায় ৬.৫কোটিৰ ভেলুৱেশ্যন লাভ কৰিলে কোম্পানীটোৱে।
ব্যৱসায়িক ক্ষেত্ৰখনত অতি হেলাৰঙেই উন্নতি জখলা বগাইছিল চন্দ্ৰবাবু নাইডুৱে। মাত্ৰ ৭হাজাৰ টকাৰ মূলধনেৰে আৰম্ভ কৰা এই কোম্পানীটোৰ ভেলুৱেশ্যন এতিয়া ৬,৭৫৫কোটি টকা। ২০০০চনৰ বিত্তীয় বৰ্ষত ১০০কোটি টকা উপাৰ্জন কৰা নাইডুৰ এই কোম্পানীটোৱে ২০২৪-২৫বিত্তীয় বৰ্ষত ৪,৫০০কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।
বিগত ৩টা দশক ধৰি এই হেৰিটেজ ফুডটছ লিমিটেডে দেশৰ ১৭ৰাজ্যৰ প্ৰায় ৩লাখ গৰু পালকৰ সৈতে কাম কৰি আহিছে। উল্লেখনীয় কথাতো হৈছে যে, এই বিশাল কোম্পানীটোত কাৰোৰে সৈতে শ্বেয়াৰ ভাগ কৰা নাই নাইডুৱে। কোম্পানীৰ ২৪.৩৭শতাংশ শ্বেয়াৰ পত্নী ভূৱনেশ্বৰী নাৰাৰ নামত আৰু বাকী সকলো শ্বেয়াৰ আছে নাইডুৰ নিজৰ নামত।
তেলেগু দেশম পাৰ্টিৰ সভাপতি চন্দ্ৰবাবু নাইডু। অন্ধ্ৰপ্ৰদেশৰ ইতিহাসত সবাতোকৈ বেছি সময় মুখ্যমন্ত্ৰী হৈ থকা মানুহজনেই হৈছে চন্দ্ৰবাবু নাইডু। ব্যৱসায়িক ক্ষেত্ৰখনত বৰ বেছি উত্থান-পতন নাথাকিলেও ৰাজনৈতিক ক্ষেত্ৰখনত বহু বেয়া সময় পাৰ কৰিছে নাইডুৱে।
২০১৪ৰ পৰা ২০১৯চনলৈকে অন্ধ্ৰপ্ৰদেশৰ মুখ্য়মন্ত্ৰী হোৱাৰ পাছত তেওৰ জীৱনলৈ ২০২৩চনত নামি আহিছিল অমানিশা। ৩৭১কোটি টকাৰ এক কেলেংকাৰীত নাম সাঙুৰ খাই জেললৈ যাব লগা হৈছিল তেও। ৫২দিন জেইলত থকাৰ পিছত ৩১অক্টোবৰ, ২০২৩ত তেও মুকলি আকাশৰ তললৈ আহে।
জেলৰ পৰা ওলাই আহিয়ে ২০২৪ত পুনৰ সক্ৰিয়তাৰে ৰাজনীতিত জপিয়াই পৰে নাইডু। পুনৰ কপালে লগ দিয়ে নাইডুক। বিজেপিৰ সৈতে মিলি একাধিক চৰ্তৰ বিনিময়ত অন্ধ্ৰপ্ৰদেশত চৰকাৰ গঠন কৰে নাইডুৰ নেতৃত্বাধীন টি ডি পিয়ে। চৰকাৰ গঠনৰ পাছতে অইন ৰাজ্যতকৈ অধিক ধন নিজৰ ৰাজ্যৰ বাবে মোকলাই নিয়াত সফল হয় চন্দ্ৰবাবু নাইডু।
২০২৫ত এ ডি আৰে প্ৰকাশ কৰা প্ৰতিবেদনত দেশৰ সবাতোকৈ ধনী মুখ্যমন্ত্ৰী হিচাপে বিবেচিত হয় নাইডু। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ শেহতীয়া এই প্ৰতিবেদন অনুসৰি ৩১গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ মূল্য ১৬৩০ কোটি টকা। প্ৰতিবেদন মতে এই তালিকাৰ দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু। অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীৰ মুঠ সম্পত্তি ৩৩২ কোটি টকা বুলি দেখুওৱা হৈছে।
ৰ্বাচনী আৰু ৰাজনৈতিক সংস্কাৰৰ ক্ষেত্ৰত কাম কৰি অহা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত কোৱা হৈছে যে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ৫৫ লাখ টকাৰ সম্পত্তিৰে দেশৰ দ্বিতীজন দৰিদ্ৰ মুখ্যমন্ত্ৰী। এক কোটি টকাতকৈ কিছু অধিক সম্পত্তিৰে এই তালিকাত শেষৰ পৰা তৃতীয় স্থানত আছে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন।
আমাৰ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ কিমান সম্পত্তিঃ
মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা হৈছে উত্তৰ পূৱ ভাৰতৰ নিম্ন সম্পত্তিৰ অধিকাৰী, মাত্ৰ ৪.১৩ কোটি টকা, আৰু দায়বদ্ধতা প্ৰায় ২১ লাখ টকা।নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৬.৯৫ কোটি টকা। তেওঁৰ ঋণ আছে ৮.৬৯ লাখ টকা।
আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা১৭.২৭ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী আৰু ৩.৫১ কোটি টকাৰ ঋণ আছে। ডক্টৰেট ডিগ্ৰীধাৰী শৰ্মাই অঞ্চলটোত সৰ্বাধিক বাৰ্ষিক ব্যক্তিগত আয় ২৫.৯৪ লাখ টকা ঘোষণা কৰিছে।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. ছাংমাৰ সম্পত্তিৰ পৰিমাণ ১৪.০৬ কোটি টকা আৰু ২৪.১৩ লাখ টকাৰ দায়বদ্ধতা ঘোষণা কৰিছে, আৰু তেওঁৰ বাৰ্ষিক আয় ২৯.৫৭ লাখ টকা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ১৩.৯০ কোটি টকাৰ সম্পত্তি, ১৩.২৭ লাখ টকাৰ দায়বদ্ধতা আৰু ১৯.৬৬ লাখ টকাৰ আয় ঘোষণা কৰিছে।চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং (গোলাই) ৬.৬৯ কোটি টকাৰ সম্পত্তি আৰু ১৫ লাখ টকাৰ দায়বদ্ধতা ঘোষণা কৰিছে। তেওঁৰ কোনো ব্যক্তিগত আয় ঘোষণা কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us