/asomiyapratidin/media/media_files/2025/08/31/oo-2025-08-31-23-39-32.jpg)
ফলাফল যিয়েই নহওঁক। বতাহ যিফালেই নব'লক। প্ৰাৰ্থিত্ব দিয়াত কিন্তু পিছ পৰি নাথাকিল কংগ্ৰেছ। বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৪০টাতে প্ৰাৰ্থিত্ব দিয়া প্ৰথমটো দল কংগ্ৰেছ। ৪০টা প্ৰাৰ্থিত্ব দিলে বি পি এফেও। অগপই মুখনি মাৰিলে মাত্ৰ ৪খন আসনতে। মনোনয়ন দাখিল পৰ্ব শেষ হ'বলৈ মাজত মাত্ৰ এটা দিন বাকী । কিন্তু উম-ঘামেই নাই লুৰিণ-অখিলৰ। সকলো সামৰি এক বিশেষ প্ৰতিবেদন...
যিমানেই দিন বাগৰিছে সিমানেই নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈছে বি টি চিত। প্ৰচাৰৰ ক্ষেত্ৰতো প্ৰতিটো দলেই দিন-ৰাতি একাকাৰ কৰিছে। সকলো দলৰ নেতা-কৰ্মী এইবাৰ বি টি চিত চৰকাৰ গঠন কৰিমেই বুলি প্ৰৱল আত্মবিশ্বাসেৰে ৰণত নামিছে।
এইবাৰৰ নিৰ্বাচনত বড়োভূমিৰ দুটা দল ইউ পি পি এল আৰু বি পি এফ একগোট হোৱাতো গৰিষ্ঠ সংখ্যক লোকে কামনা কৰিছিল। কিন্তু ইয়াতো নিমিলিল সমীকৰণ। বড়ো ছাত্ৰ সন্থাৰ অপ্ৰাণ চেষ্টা অথলে গ'ল। একত্ৰিকৰণৰ বাবে ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰাৰম্ভিক আলোচনালৈকে নাহিল বি পি এফৰ প্ৰতিনিধি।
ইউ পি পি এলৰ সৈতে এক নোহোৱাৰ আঁৰতো হয়তো থাকিব পাৰে আনে বুজি নোপোৱা হাগ্ৰামাৰ কিছু জটিল সমীকৰণ। কিন্তু এটা কথা ঠিক যে, সমীকৰণ যি নহ'লেও বড়োভূমিৰ এই দুয়োটা দলৰ প্ৰতি বড়ো ৰাইজৰ আস্থা পূৰ্বতকৈ বহু গুণে হ্যাস পাইছে। সেয়েহে হয়তো অঞ্জলি দৈমাৰীৰ দৰে নেত্ৰীয়ে দল গঠন কৰি দুয়োটা দলৰ বিৰুদ্ধে থিয় কৰাইছে প্ৰাৰ্থী।
প্ৰণিধানযোগ্য য়ে, ২০২০ চনৰ ডিচেম্বৰত হোৱা নিৰ্বাচনৰ পিছত ২০২০ চনৰ ১৫ ডিচেম্বৰত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল-বি পি এফৰ নতুন পৰিষদ গঠন হৈছিল ৷ এই পৰিষদ গঠনৰ সময়ত এন ডি এফ বি তথা অঞ্জলী দৈমাৰী দৰে বলিষ্ঠ নেত্ৰীৰ ভূমিকা আছিল লেখত ল'বলগীয়া।
সেই অঞ্জলী দৈমাৰীৰ দলেই প্ৰথমবাৰৰ বাবে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। নাম- অলটাৰ্ণেটিভ পাৰ্টি অফ বড়োলেণ্ড। নামটোৱেই সোমাই আছে বড়োভূমিৰ বিকল্প ৰাজনীতিৰ অৰ্থ। অঞ্জলী দৈমাৰীৰ নেতৃত্বত গঠন হোৱা দলটোৱে বিটিচি নিৰ্বাচনৰ বাবে ২৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।
বিটিচি নিৰ্বাচনৰ ৩০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল চমুকৈ ভিপিআই দলে। এই দলটোৰ ভেটি বৰ শক্তিশালী নহয় যদিও প্ৰৱল আত্মবিশ্বাসেৰে বড়োভূমিৰ ৰণত নামিবলৈ সাজু হৈছে। বহুতে ভাৱিছিল যে, এইবাৰ বড়োভূমিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিব।
কিন্তু সকলোকে আচৰিত কৰি বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিৰ ৪০টাতে প্ৰাৰ্থী দিয়া প্ৰথমটো ৰাজনৈতিক দল হিচাপে বিবেচিত হ'ল কংগ্ৰেছ। ৩০আগষ্টত ৩১জনীয়া আৰু ৩১আগষ্টত ৯জনীয়া প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। বি টি চিত অগ্ৰাসী ৰূপত প্ৰচাৰ কাৰ্যত নানামিলেও কংগ্ৰেছে কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত পিছ পৰি নাথাকিল।
কংগ্ৰেছৰ পিছতে বি টি চিৰ ৪০টা সমষ্টিত প্ৰাৰ্থী দিয়া দলটো হৈছে বি পি এফ। বি পি এফে ৩খন তালিকাৰ জৰিয়তে ৪০টা সমষ্টিৰ বাবেই প্ৰাৰ্থিত্ব ঘোষণা কৰিলে। প্ৰথমখন তালিকাত ২২জনক, দ্বিতীয়খনত ১০জনক আৰু তৃতীয়খনত ৮জন প্ৰাৰ্থিত্ব প্ৰদানেৰে ৰণৰ বাবে সাজু হৈছে বি পি এফ। উল্লেখনীয় কথাতো হৈছে, একালৰ দুই সতীৰ্থ খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে এইবাৰ ৰণত নামিব খোদ হাগ্ৰামা মহিলাৰী।
লক্ষ্যণীয় কথাটো হৈছে যে,প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বি টি চিত এইবাৰ আগত থাকিল বিৰোধী। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু বি টি চিৰ প্ৰধান বিৰোধী দল বি পি এফে ৪০টাৰ ভিতৰত ৪০টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। ইয়াৰ বিপৰীতে ইউ পি পি এলে এতিয়ালৈকে ৩৪টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথম খন তালিকাত ১৮জন আৰু দ্বিতীয়খন ১৬খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে।
বিটিচিত মিত্ৰতা নহয় বুলি কলেও সকলো সমীকৰণ মিলাই প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। ২৮জনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰি বিজেপিয়ে আৰু ৩ নাইবা ৪খন আসনত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিলে দিলীপ শইকীয়াই। মুঠৰ ওপৰত বিজেপিয়েও বি টি চিত ৩২/৩৩খন আসনতহে দিব প্ৰাৰ্থিত্ব। ৪০খন আসনত ইউ পি পি এল আৰু বিজেপি দুয়োটা শাসনাধিষ্ঠ দলেই দিব নোৱাৰিলে প্ৰাৰ্থিত্ব। অৱশ্যে অগপে প্ৰাৰ্থিত্ব দিয়া ৪সমষ্টিত ভিতৰি বিশেষ বুজা-পৰা থাকিবও পাৰে দুয়োটা দলৰ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ২ ছেপ্টেম্বৰ ২০২৫ ৷ মানে মাজত মাত্ৰ এটা দিন। কিন্তু এতিয়ালৈকে প্ৰাৰ্থিত্বৰ ঘোষণাৰ কোনো নাম গোন্ধই নাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে। দুয়োটা দলৰ প্ৰতিনিধিয়ে আলোচনাত বহি ৩১আগষ্টৰ দিনাই প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ আছিল যদিও বাতৰি লিখা পৰলৈকে (নিশা ১১.০০ বজা) ঘোষণা নকৰিলে প্ৰাৰ্থিত্বৰ তালিকা।
এনেকৈয়ে এতিয়া প্ৰায় শেষ পৰ্যায়ত বি টি চিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰক্ৰিয়া। মাজত মাত্ৰ এটা দিন, তাৰ পাছতে অন্ত পৰিব মনোনয়ন প্ৰক্ৰিয়া। মনোনয়নৰ পৰীক্ষা আৰু বৈধ মনোনয়নৰ তালিকা প্ৰকাশৰ দিন হ’ল ৪ ছেপ্টেম্বৰ ২০২৫৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ হ’ল ৬ ছেপ্টেম্বৰ ২০২৫ । নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব ৬ ছেপ্টেম্বৰ ২০২৫ত।
১ছেপ্টেম্বৰৰ দিনটোত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্বৰ ঘোষণা কৰিলেও ৬-৭খনতকৈ বেছি আসনত প্ৰাৰ্থিত্ব দিয়াৰ আশা খুবেই ক্ষীণ। আৰু যদি কোনো সমষ্টিত প্ৰাৰ্থিত্ব নিদিয়েও, তেতিয়াও আচৰিত হ'বলগীয়া একো নাই। আনহাতে আপ অসমেও ১ছেপ্টেম্বৰৰ দিনটোত প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ সম্ভাৱনা আছে।
প্ৰাৰ্থিত্ব সকলোৱে দিব। কিন্তু এইবাৰ বড়ো ৰাজনীতিৰ সমীকৰণ যথেষ্ট ওলট-পালট হ'ব বুলি বিজ্ঞজনে পৰিস্থিতি চাই আগজাননী দিছে। বড়ো ভূমিৰ দুয়োটা ৰাজনৈতিক দল একলগ নোহোৱাৰ লাভ কোনে লাভ কৰিব তাক লৈও চৰ্চা হৈছে। মুঠৰ ওপৰত বি টি চিত এইবাৰ ৰজা ভঙা-পতাৰ খেলখন অতি আকৰ্ষণীয় হব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।