/asomiyapratidin/media/media_files/2025/08/24/161-2025-08-24-12-18-57.jpg)
ডিজিটেল ডেস্ক : মহাকাশ অন্বেষণ ভাৰতৰ বাবে এতিয়া সোণালী সময়। - এই মন্তব্য শুভাংশু শুক্লাৰ। শনিবাৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল অনুষ্ঠানত ভাষণ দি গ্ৰুপৰ অধিনায়ক শুভাংশু শুক্লাই মহাকাশ অন্বেষণত গুৰুত্ব আৰোপ কৰে। তেওঁ বৰ্তমান সময়ক মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ বাবে “সোণালী সময়” বুলি অভিহিত কৰে।
শুক্লাই দৃঢ়তাৰে কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচীক লৈ সমগ্ৰ বিশ্বই উৎসাহিত আৰু ই কেৱল দেশতে সীমাবদ্ধ নহয়। ভাৰতীয় মহাকাশ অভিযানক লৈ জাপানী আৰু ইউৰোপীয় মহাকাশ সংস্থাসমূহ বহুত বেছি উৎসাহিত।
শুক্লাই আৰু কয় যে ভাৰতৰ বাবে এই উত্তেজনা সমগ্ৰ বিশ্বতে বিৰাজমান। জাপানী আৰু ইউৰোপীয় মহাকাশ সংস্থাসমূহ আমাৰ অভিযানক লৈ বহুত বেছি উৎসাহিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us