সৌন্দৰ্য চৰ্চাৰ নামত দেহ ব্যৱসায়! ৰাজগড়স্থিত কালাৰ্ছ ইউনিচেক্স স্পা চেলুনত আৰক্ষী...

গুৱাহাটী মহানগৰীত একাংশ স্পাত দেহ ব্যৱসায়ৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। গুৱাহাটী আৰক্ষীয়ে সময়ে সময়ে এনে স্পাত চলাই আহিছে অভিযান।

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত একাংশ স্পাত দেহ ব্যৱসায়ৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। গুৱাহাটী আৰক্ষীয়ে সময়ে সময়ে এনে স্পাত চলাই আহিছে অভিযান। শেহতীয়াকৈ ৰাজগড়স্থিত কালাৰ্ছ ইউনিচেক্স স্পা চেলুনত আৰক্ষীয়ে চলাই অভিযান।

এই অভিযানত স্পা খনত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় অসংযত অৱস্থাত থকা এহাল যুৱক-যুৱতীক। আৰক্ষীয়ে সদৰি কৰা মতে, আটক হোৱা পুৰুষগৰাকী এগৰাকী সেনা জোৱান। আৰক্ষীয়ে আটক কৰিছে স্পা খনৰ মেনেজাৰসহ আন দুগৰাকী যুৱতীক। লগতে আটক কৰে মধ্যভোগী আন এজন যুৱককো।

আৰক্ষীয়ে স্পা খনৰ পৰা জব্দ কৰে বহু আপত্তিজনক সা-সামগ্ৰী। চানমাৰি আৰক্ষীৰ সহযোগত সমগ্ৰ ঘটনা তদাৰক কৰে গুৱাহাটী চেণ্টেলৰ ডিচিপিয়ে।  দীৰ্ঘদিন ধৰি স্পাখনত অনৈতিক কাৰ্য্যকলাপ চলি থকা অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

গুৱাহাটী