দক্ষিণ শালমাৰাৰ টুমনিত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন…

দক্ষিণ শালমাৰাৰ টুমনিত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰাৰ টুমনিত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ টুমনিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে যোৱা শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত গোপন সূত্ৰৰ আধাৰত এক অভিযান চলায়। টুমনি গাঁৱৰ জাহাঙ্গীৰ হুচেইনৰ ঘৰত এই অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, কফ শিৰাফ আদি জব্দ কৰে।

আৰক্ষীয়ে জাহাঙ্গীৰ হুচেইন আৰু পাটাকাটা গাঁৱৰ অশ্ৰাফুল আলম নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনক গ্ৰেপ্তাৰ কৰে। আনহাতে দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানা এলেকাৰ আইৰকাটা গাঁৱৰ পৰা আকৌ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰে। আজি ধৃত দুই ড্ৰাগছ ব্যৱসায়িক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে। আদালতে দুয়োক ধুবুৰী জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।