দক্ষিণ শালমাৰা-মানকাচৰত বিদেশীক ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগৰ নিৰ্দেশ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তই এজন ঘোষিত বিদেশী নাগৰিক (DFN)ক ২৪ ঘণ্টাৰ ভিতৰত অসম তথা ভাৰতৰ সীমা ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
BANGG

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তই এজন ঘোষিত বিদেশী নাগৰিক (DFN)ক ২৪ ঘণ্টাৰ ভিতৰত অসম তথা ভাৰতৰ সীমা ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। 

Immigrant (Expulsion from Assam) Act, 1950 অনুসৰি জাৰি কৰা এই নিৰ্দেশত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰাজ্য ত্যাগ নকৰিলে চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰা হৈছে।

ইয়াৰ উপৰিও সংশ্লিষ্ট ব্যক্তিৰ আধাৰ, ৰেচন কাৰ্ড বাতিল, ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ লগতে চল-অচল সম্পত্তি জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

মানকাচৰ থানা এলেকাৰ অধীনস্থ সদৰটিলা গাঁৱৰ প্ৰয়াত আব্বাছ আলীৰ জীয়েক জৰিণা খাতুনক এই নিৰ্দেশনা দিয়া হৈছে।

দক্ষিণ শালমাৰা