সমুখত নিৰ্বাচনঃ ৭ দিনৰ ভিতৰত অস্ত্ৰ জমা দিবলৈ নিৰ্দেশ...

আগন্তুক অসম বিধানসভা নিৰ্বাচন-২০২৬ উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আইন-শৃংখলা বজাই ৰাখিবলৈ জিলা দণ্ডাধীশে বি.এন.এছ.এছ., ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি জাৰি কৰে আদেশ। 

author-image
Asomiya Pratidin
New Update
LICSSS

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বি.এন.এছ.এছ., ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি আদেশ জাৰি। আগন্তুক অসম বিধানসভা নিৰ্বাচন-২০২৬ উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আইন-শৃংখলা বজাই ৰাখিবলৈ জিলা দণ্ডাধীশে বি.এন.এছ.এছ., ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি জাৰি কৰে আদেশ। 

আদেশ অনুসৰি, জিলাৰ সকলো লাইচেন্সধাৰী অস্ত্ৰধাৰীক ৭ দিনৰ ভিতৰত নিজৰ অস্ত্ৰ আৰু গুলী-বাৰুদ নিকটৱৰ্তী আৰক্ষী থানাত জমা দিব লাগিব। জনসমাগমস্থল আৰু ভোটগ্ৰহণ কেন্দ্ৰত অস্ত্ৰ বহন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰক্ষী, বেংকৰ সুৰক্ষা কৰ্মচাৰী আৰু পঞ্জীয়নভুক্ত ক্ৰীড়াবিদসকলৰ ক্ষেত্ৰত বিশেষ অব্যাহতি থাকিব। আদেশ উলংঘন কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জনায়।

দক্ষিণ শালমাৰা