/asomiyapratidin/media/media_files/2026/01/18/footblllalalla-2026-01-18-20-29-43.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ দক্ষিণ শালমাৰাৰ বালাডোবাত অনুষ্ঠিত কৰা ফুটবল টুৰ্ণামেণ্টৰ দেওবাৰে চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা ফুটবল ক্লাব আৰু এছ এছ ক্লাব কাম লাইব্ৰেৰীৰ মাজত অনুষ্ঠিত হয় এই মেচখন।
খেলখনত ২-০ গ'লৰ ব্যৱধানত এছ এছ ক্লাব কাম লাইব্ৰেৰী জয়লাভ কৰে। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম চূড়ান্ত প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলখন উপভোগ কৰে।
নৱপ্ৰজন্মক ড্ৰাগছ, মোবাইলৰ পৰা আঁতৰত ৰাখি খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আয়োজন কৰা সজাগতামূলক টুৰ্ণামেণ্টখনৰ দ্বাৰা স্থানীয় যুৱ সমাজ উপকৃত হোৱা বুলি অগপৰ উপ সভাপতি গৰাকীয়ে দাবী কৰে। বাল্য বিবাহৰ বিৰুদ্ধেও এই টুৰ্ণামেণ্টৰ জৰিয়তে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস চলোৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us