আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত গ্ৰেপ্তাৰ গো মাফিয়া ছুৰুত জামাল শ্বেখ...

আৰক্ষীৰ সঞ্চালক প্ৰধানক অভিযোগ দিয়াৰ পাছত ততপৰ হ'ল আৰক্ষী।  দেওবাৰৰ নিশা দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ গো মাফিয়া ছুৰুত জামাল শ্বেখক। উল্লেখযোগ্য যে, দক্ষিণ শালমাৰাকে ধৰি

author-image
Asomiya Pratidin
New Update
ujjd

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ আৰক্ষীৰ সঞ্চালক প্ৰধানক অভিযোগ দিয়াৰ পাছত ততপৰ হ'ল আৰক্ষী।  দেওবাৰৰ নিশা দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ গো মাফিয়া ছুৰুত জামাল শ্বেখক। উল্লেখযোগ্য যে, দক্ষিণ শালমাৰাকে ধৰি ইয়াৰ আশে-পাশে অঞ্চলত  ছুৰুত জামাল শ্বেখ , হজৰত আলী আৰু আক্কাছ আলী নামৰ তিনি গো-মাফিয়াই চলাই আহিছিল গৰুৰ ছিণ্ডিকেট। 

তিনিও জনৰ বিৰুদ্ধে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অভিযোগ দিয়াৰ পাচতহে দেওবাৰে নিশা তাৰে এজন গোমাফিয়া ছুৰুত জামাল শ্বেখক গ্ৰেপ্তাৰ কৰা হয়।  পূৰ্বেও গৰু ছিণ্ডিকেটত জৰিয়ত থকাৰ অভিযোগত ছুৰুত জামাল শ্বেখ গ্ৰেপ্তাৰ হৈছিল। 

আৰক্ষীৰ নামতো আন গৰু ছিণ্ডিকেট চক্ৰৰ পৰা ধন উঠোৱাৰো অভিযোগ আছে তিনিও জনৰ বিৰুদ্ধে ।  কিছুদিন পূৰ্বে নদী এলেকাৰ পৰা দক্ষিণ শালমাৰা আৰক্ষীয়ে ৯ টাকৈ চুৰি গৰু জব্দ কৰিছিল। জব্দ কৰা গৰু কেইটা ছুৰুত জামাল শ্বেখ আৰু তেওঁৰ ছিণ্ডিকেট বাহিনীয়ে চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

স্থানীয় নুৰ আলম সিকদাৰ নামৰ লোক এজনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এই অভিযোগ দিয়াৰ পাচত দক্ষিণ শালমাৰা আৰক্ষীয়ে দেওবাৰে শ্বেখক গ্ৰেপ্তাৰ কৰে।  ছুৰুত জামাল শ্বেখৰ সৈতে দক্ষিণ শালমাৰা আৰক্ষীও জৰিত বুলি অভিযোগ দিয়া হৈছিল বুলি জানিব পৰা গৈছে।

পূৰ্বেও গ্ৰেপ্তাৰ হোৱা ছুৰুত জামালৰ সৈতে দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সম্পৰ্ক থকাৰ ফটো ইতিমধ্যে ভাইৰেল হৈছে।  দক্ষিণ শালমাৰা আৰক্ষীৰ সৈতে নদীত নাওতো ছুৰুত জামাল শ্বেখক দেখা পোৱা গৈছিল।

দক্ষিণ শালমাৰা