Advertisment

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতিক গ্রেপ্তাৰ

দক্ষিণ কোৰিয়াৰ স্থানীয় সময় অনুসৰি পুৱা ১০:৩৩ বজাত য়েওলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে ৩ জানুৱাৰীত ৰাষ্ট্ৰপতি গৰাকীক গ্ৰেপ্তাৰৰ বাবে যোৱা দলটোৰে সংঘৰ্ষত লিপ্ত হৈছিল য়েওলৰ সমৰ্থক সকল।

author-image
Asomiya Pratidin
New Update
মনম

ডিজিটেল ডেস্কঃ   অৱশেষত দুৰ্নীতি বিৰোধী সংস্থাৰ হাতত গ্ৰেপ্তাৰ হ'ল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক য়েওল। ১৫ জানুৱাৰী বুধবাৰে পুৱা দক্ষিণ কোৰিয়াৰ প্ৰশাসন কৰ্তৃপক্ষই ৰাষ্ট্ৰপতিৰ বাসগৃহত উপস্থিত হৈ ইউন চুক য়েওলক গ্ৰেপ্তাৰ কৰে।

Advertisment

দুৰ্নীতি তদন্ত কাৰ্যালয়ে জনোৱা মতে, দক্ষিণ কোৰিয়াৰ স্থানীয় সময় অনুসৰি পুৱা ১০:৩৩ বজাত য়েওলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে ৩ জানুৱাৰীত ৰাষ্ট্ৰপতি গৰাকীক গ্ৰেপ্তাৰৰ বাবে যোৱা দলটোৰে সংঘৰ্ষত লিপ্ত হৈছিল য়েওলৰ সমৰ্থক সকল। ফলত উভতি আহিবলগীয়া হৈছিল দলটো।

আজি পুৱা ৪.২০ বজাতে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ বাহিৰত প্ৰশাসন তথা নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দল গোট খায়। লগে লগে উক্ত স্থানত ৰাষ্ট্ৰপতি গৰাকীৰ সমৰ্থকে ভিৰ কৰে। প্ৰায় ১০০০ আৰক্ষী বিষয়াৰ এটা দলে বিভিন্ন পথেৰে ৰাষ্ট্ৰপতিৰ বাসগৃহত প্ৰৱেশ কৰি ইউন চুক য়েওলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ কৰা প্ৰয়োজন যে, বেআইনীভাৱে দেশত সামৰিক আইন বলৱৎ কৰিব বিচৰাৰ অভিযোগত অভিযুক্ত হৈছিল ৰাষ্ট্ৰপতিগৰাকী। উক্ত গোচৰত তেওঁক মুঠ তিনি বাৰকৈ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও আদালতৰ নিৰ্দেশক অমান্য কৰাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰপতি নিৰাপত্তা সেৱাৰ ভাৰপ্ৰাপ্ত মুৰব্বী কিম ছুং হুনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। য়েওলক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বৰ প্ৰচেষ্টাত বাধা প্ৰদানৰ অভিযোগত কিমক গ্ৰেপ্তাৰ কৰে।

মন কৰিবলগীয়া যে, ক্ষমতাৰ পৰা আঁতৰাৰ পাছত বা ক্ষমতালৈ অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ আছে যদিও ৰাষ্ট্ৰপতি হৈ থকাৰ অৱস্থাতে গ্ৰেপ্তাৰী পৰোৱনা লাভ কৰা ঘটনা বিশ্বত এয়াই প্ৰথম।

দক্ষিণ কোৰিয়া