Advertisment

দক্ষিণ কোৰিয়া ট্ৰেজেডি! মৃতকৰ হাৰ ১৭৯ লৈ বৃদ্ধিৰ আশংকা...

বেংককৰ পৰা মুয়ান অভিমুখী বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেৰ শেষৰ ফালে থকা বেৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাতো। সংঘৰ্ষৰ পিছত বিমানখনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত উদ্ধাৰ অভিযান আৰু অধিক কঠিন হৈ পৰে।

author-image
Asomiya Pratidin
New Update
ASD

ডিজিটেল ডেস্কঃ   দক্ষিণ কোৰিয়াত সংঘটিত হোৱা ভয়াৱহ বিমান দুৰ্ঘটনাৰ নিহত হোৱা লোকৰ সংখ্যা ১৭৯ লৈ বৃদ্ধি পোৱা বুলি আশংকা কৰা হৈছে। বিমানখনত থকা মাত্ৰ দুজন লোকক হে জীৱিত অৱস্থাত উদ্ধাৰ কৰা বুলি তথ্য প্ৰদান কৰে স্থানীয় অগ্নি নিৰ্বাপক বাহিনীয়ে।

Advertisment

বেংককৰ পৰা মুয়ান অভিমুখী বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেৰ শেষৰ ফালে থকা বেৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাতো। সংঘৰ্ষৰ পিছত বিমানখনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত উদ্ধাৰ অভিযান আৰু অধিক কঠিন হৈ পৰে।

বিমানখনত মুঠ ১৮১ জন লোক আছিল, ইয়াৰে ২ জন লোক ৰক্ষা পৰে যদিও দুয়োজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পাছত উদ্ধাৰকাৰী দলটোৱে নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধানত নিয়োজিত হৈ আছে যদিও স্থানত অগ্নিকাণ্ড আৰু ধোঁৱাৰ বাবে উদ্ধাৰ কামত অসুবিধাৰ সন্মুখীন হৈছে।

ইফালে দক্ষিণ কোৰিয়া চৰকাৰে এই সমগ্ৰ ঘটনাক ৰাষ্ট্ৰীয় শোক বুলি ঘোষণা কৰিছে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এই ঘটনাৰ বিতং তদন্তৰ বাবে এখন বিশেষ সমিতি গঠন কৰা হৈছে।

দক্ষিণ কোৰিয়া