/asomiyapratidin/media/media_files/2025/10/11/cfrfqeqq-2025-10-11-17-43-50.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ছ’ল তথ্য চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত প্ৰথম পুৰস্কাৰ লাভ কৰিছে হীৰকজ্যোতি হাজৰিকাই পৰিচালনা কৰা ইষ্টি, বিহাইণ্ড দ্যা ৰেইন নামৰ তথ্য চলচ্চিত্ৰ খনে৷
ইফালে, এই মহোৎসৱত অলকেশ ঠাকুৰীয়াই পৰিচালনা কৰা ‘বাইখো, দ্যা লাষ্ট ডেন্স অৱ স্প্ৰিং’ নামৰ তথ্য চলচ্চিত্ৰখনে দ্বিতীয় আৰু পাপাই নালোৱে পৰিচালনা কৰা ‘বিন্যাত’ নামৰ তথ্য চলচ্চিত্ৰখনে লাভ কৰিছে তৃতীয় পুৰস্কাৰ৷ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে শিল্পীকা বৰদলৈয়ে৷
আজি জ্যোতি চিত্ৰবনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই তথ্য চলচ্চিত্ৰ মহোৎসৱৰ বঁটাসমূহ বিতৰণ কৰা হয়৷ আয়োজকে পূৰ্বতে কৰা ঘোষণা অনুসৰি প্ৰথম শ্ৰেষ্ঠ তথ্য চলচ্চিত্ৰখনক ৰ লাখ টকা, দ্বিতীয় শ্ৰেষ্ঠ তথ্য চলচ্চিত্ৰখনক ৭৫ হেজাৰ টকা, তৃতীয় স্থান লাভ কৰা তথ্য চলচ্চিত্ৰখনক ৫০ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয়৷ এই মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা শিল্পীকা বৰদলৈয়ে, শ্ৰেষ্ঠ আলোকচিত্ৰ শিল্পীৰ বঁটা নিহাৰ ৰঞ্জন গগৈয়ে, জুৰিৰ বিশেষ বঁটা দ্যা লাষ্ট প্লাউ, ভূমি-দ্যা পাল্চ অৱ লাইভ নামৰ তথ্য চলচ্ছিত্ৰ দুখনে লাভ কৰে ৷
বঁটা প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ দি তথ্য চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্যবাহী সঞ্চালক তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে কয় যে, পৰম্পৰা হৈছে নৈৰ বোঁৱতী সুঁতিৰ নিছিনা৷ প্ৰকৃতি আৰু পৰম্পৰাক মূল বিষয় হিচাপে লৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা তথ্য চলচ্চিত্ৰ মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় ৭৪ খন তথ্য চলচ্চিত্ৰই অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি বিদ্যাসাগৰে ঐতিহ্যমণ্ডিত পৰম্পৰা, কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাতো এটা সভ্য জাতিৰ লক্ষণ বুলিও মন্তব্য কৰে৷
প্ৰকৃতিৰ উপাদানক লৈ ভৱিষ্যতেও এনেধৰণৰ তথ্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত ছ’ল শীৰ্ষক তথ্য চলচ্চিত্ৰ মহোৎসৱৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া প্ৰদীপ কুমাৰ, মহোৎসৱৰ সঞ্চালক মনিতা বৰগোহাঁই, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সাধাৰণ সম্পাদিকা ড॰ বিনীতা ভাগৱতী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, ত্ৰিকালজ্ঞ ৰাভা, কিশোৰ কুমাৰ শৰ্মা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে৷
উল্লেখ্য যে এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিনেমা প্ৰযোজক সঞ্জীৱ পৰাশৰ, ৰাজেন দাসৰ লগতে, হিৰণ্য কলিতা, প্ৰণৱ হালৈ, বিশিষ্ট অভিনেত্ৰী জয়া শইকীয়া, অবনীৰঞ্জন পাঠকসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে জ্যোতি চিত্ৰবনত যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ এই চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছিল যদিও উদ্বোধনী অনুষ্ঠানৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লাভ কৰাত মহোৎসৱৰ পৰবৰ্তী কাৰ্যসূচী বাতিল কৰা হৈছিল৷ আজি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাৰতমাতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰা হয়৷