/asomiyapratidin/media/media_files/2025/11/08/ujjjdd-2025-11-08-10-38-32.jpg)
ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক পৰিবহন নিগমৰ বিখ্যাত গড়টোৰ স্ৰষ্টা তথা অভিনেতা, খেলুৱৈ, চিকাৰী চৌকত আলিৰ শনিবাৰে নিশা ২.০০বজাত পৰলোকপ্ৰাপ্তি ঘটে। শতবৰ্ষ গৰকা চৌকত আলিৰ মৃত্যুৰ পাছতে এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত।
উল্লেখ কৰা প্ৰয়োজন যে,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত চিত্ৰশিল্পৰ জগতত পদাৰ্পন কৰা চৌকত আলীলে ২০২৩চনত উদযাপন কৰিছিল শতবৰ্ষ। ১৯২৮ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰা চৌকত আলী আছিল এগৰাকী দক্ষ খেলুৱৈ ৷
১৯৪৩ চনৰ পাচৰে পৰা মহাৰানা ক্লাবৰ হৈ সুদীৰ্ঘ ২০ বছৰ ধৰি চৌকত আলীয়ে খেলাৰ লগতে ৪০ ৰ দশকত মহাৰানাৰ হৈ গুৱাহাটীত অনুষ্ঠিত হকী দলৰ কেপ্তেইনো আছিল তেওঁ । ১৯৪৮ চনত গুৱাহাটীৰ Young Union ৰ হৈ সৰ্বভাৰতীয় ট্ৰফী অনা ফুটবল দলটোৰ গ’লকীপাৰো আছিল চৌকত আলী ।
ব্ৰিটিছ শাসনৰ কালত অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰথমগৰাকী অধ্যক্ষৰ দিনত খেলুৱৈ হিচাবে চৌকত আলীয়ে চাকৰিত যোগদান কৰিছিল আৰু ১৯৭১ চনত নিজৰ চিত্ৰশিল্পৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ আন কেইবাগৰাকীও শিল্পীয়ে নিগমৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল যদিও অৱশেষত নিগম কৰ্তৃপক্ষই চৌকত আলীৰ ছবিখনহে নিগমৰ প্ৰতীক হিচাপে গ্ৰহণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us