/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2025-11-18-11-43-52.jpeg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জুবিন বিহীন জুবিনৰ এয়া প্ৰথমটো ওপজা দিন। চতিয়াৰ বালিজুৰিত বালিজুৰি দূৰ্গা পূঁজা উদযাপন সমিতিৰ উদ্যোগত সকলোৰে মৰমৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে সোমবাৰে নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিছিল চতিয়াৰ বালিজুৰিত।
উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ কৰা হৈছিল। এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল জনপ্ৰিয় নৃত্য শিল্পী ফ্লৰিনা গগৈয়ে।
আনফালে জুবিন গাৰ্গৰ মায়াবিনি গীতত নৃত্য কৰি হাজাৰ হাজাৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল নৃত্য শিল্পী ফ্লৰিনাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us