ধাননি পথাৰত মৃত অৱস্থাত উদ্ধাৰ বন্যহস্তী, বন বিভাগৰ তদন্ত আৰম্ভ

চতিয়াৰ ওপৰ গড়পালত উদ্ধাৰ কৰা হৈছে এটা বন্যহস্তীৰ মৃতদেহ। গাঁওখনৰ ধাননি পথাৰৰ মাজত উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
web ap ele

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ ওপৰ গড়পালত উদ্ধাৰ কৰা হৈছে এটা বন্যহস্তীৰ মৃতদেহ। গাঁওখনৰ ধাননি পথাৰৰ মাজত উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃতদেহটো। পুৱা স্থানীয় ৰাইজে মৃত হাতীটো দেখা পাই আৰক্ষীৰ লগতে বনবিভাগক অৱগত কৰে।

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা পৰা নিশা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীটো। কি কাৰণত বনৰীয়া হাতীটোৰ মৃত্যু হ'ল সেইয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে চতিয়াৰ এই দক্ষিণাঞ্চলৰ বোকাবিলত উদ্ধাৰ কৰা হৈছিল আন এটা বন্যহস্তীৰ পোৱালীৰ মৃতদেহ। বন বিভাগ আৰু পশু চিকিৎসকৰ পৰবৰ্তী তদন্ততহে পোহৰলৈ আহিব বন্যহস্তীটোৰ মৃত্যুৰ কাৰণ ৷

বন্যহস্তী