চতিয়াত আৰক্ষীৰ জালত ছয়টাকৈ গভাইত চোৰ

আৰক্ষীয়ে আটক কৰা চোৰকেইটা নলবাৰীৰ বদৰ উদ্দিন,জহৰ উদ্দিন,নজৰুল ইছলাম,হানিফ আলি আৰু বৰপেটা জিলাৰ ছাইফুল ইছলাম,চহিদুল ইছলাম বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-23 at 10.49.33 AM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  চতিয়া আৰক্ষীয়ে  বৰপামৰ ঘিলাধাৰী নদীৰ সমীপত গাড়ীসহ ছয়টাকৈ গভাইত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। বৈদ্যুতিকটাৱাৰৰ মূল্যবান তাঁৰ চুৰি কৰি গাড়ীত ভৰাই আনি থকাৰ সময়তে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি কৰায়ত্ত কৰে চোৰকেইটাক। আৰক্ষীয়ে আটক কৰা চোৰকেইটা নলবাৰীৰ বদৰ উদ্দিন,জহৰ উদ্দিন,নজৰুল ইছলাম,হানিফ আলি আৰু বৰপেটা জিলাৰ ছাইফুল ইছলাম,চহিদুল ইছলাম বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে ধৃত চোৰ কেইটাই ব্যৱহাৰ কৰা AS-01-TC-2585 নম্বৰৰ এখন বাহন আৰু AS-01-RC-1567 নম্বৰৰ আন এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ৷

ইপিনে বিভাগৰ দ্বাৰা নিৰ্মানৰত 220kv লাইনৰ  বৈদ্যুতিক টাৱাৰত ব্যৱহাৰ কৰিবলৈ অনা এই মূল্যবান বৈদ্যুতিক তাঁৰ সমূহ চুৰি কৰি নিছিল।সম্প্ৰতি চতিয়া আৰক্ষীয়ে এই চোৰকেটাক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

চতিয়া