চতিয়াৰ প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে সৰৱ বিধায়ক পদ্ম হাজৰিকা

বিধায়ক পদ্ম হাজৰিকাই কয় -প্ৰাণেশ্বৰ বসুমতাৰীয়ে মিছা কথাৰ আশ্ৰয় লৈছে ৷ প্ৰাণেশ্বৰে প্ৰকল্প নিৰ্মান কৰা দূৰৰে কথা তেওঁৰ বিধায়কৰ কাৰ্যকালত বাৰেচহৰীয়া ভাওনাই অনুষ্ঠিত নহ'ল ৷ বিজেপি চৰকাৰৰ দিনত বাৰেচহৰীয়া প্ৰকল্প নিৰ্মানৰ বাৱে ২৮ কোটি টকা প্ৰদান কৰিছে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 2.40.50 PM

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমান ঢেকীয়াজুলি সমষ্টিৰ কংগ্ৰেছৰ  সাম্ভাৱ্য প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীয়ে চতিয়া সমষ্টিৰ সৰ্ববতো উন্নয়নৰ কৃতিত্ব দাৱী কৰাক লৈ  জাঙুৰ খাই উঠে চতিয়া তথা বৰ্তমান নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে জামুগুৰিহাটত বাৰেচহৰীয়া প্ৰকল্প,ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু সাহিত্য সভাৰ ভৱন নিৰ্মাণ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰাৰ পাচতেই বিধায়ক পদ্ম হাজৰিকাই  জামুগুৰিহাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

উল্লেখ্য যে, বিধায়ক পদ্ম হাজৰিকাই কয় -প্ৰাণেশ্বৰ বসুমতাৰীয়ে মিছা কথাৰ আশ্ৰয় লৈছে ৷ প্ৰাণেশ্বৰে প্ৰকল্প নিৰ্মান কৰা দূৰৰে কথা তেওঁৰ বিধায়কৰ কাৰ্যকালত বাৰেচহৰীয়া ভাওনাই অনুষ্ঠিত নহ'ল ৷ বিজেপি চৰকাৰৰ দিনত বাৰেচহৰীয়া প্ৰকল্প নিৰ্মানৰ বাৱে ২৮ কোটি টকা প্ৰদান কৰিছে ৷ ছাত্ৰ সন্থা কাৰ্যালয় এগৰাকী কংগ্ৰেছী বিধায়কে নিৰ্মান কৰা কথাটোৱেই হাস্যকৰ ৷ ফাঁকি কথাকৈ ঢেকীয়াজুলিৰ ৰাইজৰ ওচৰত নিজেই বহুৱালি কৰিছে চতিয়া সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে ৷এনেদৰে মিছা কথাকৈ ৰাজনীতি নকৰাই ভাল ৷ আমি ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা কৰি চলিব লাগে বুলি মন্তব্য কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

চতিয়া পদ্ম হাজৰিকা