/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-16-50-58.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা বিষ্ণুৰাভা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ কালি নিশা সফল সামৰণী পৰে।চতিয়া নাট্য সমাজৰ উদ্যোগত চতিয়া ভৱনত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা এই নাট সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২২টাকৈ নাট্যদলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/977a6671-ae9.png)
দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা এই নাট সমাৰোহত 'A Beautiful Melody ' নাটক খনৰ বাবে গুৱাহাটীৰ ''নটদিত্য নাট্যদলে প্ৰথম শ্ৰেষ্ঠ , ''স্বাতিৰ মাক আৰু হাৱাই চেন্দেলৰ ফিটা'' নামৰ নাটকখনৰ বাবে নগাঁৱৰ জ্যোতি শিল্পী নাট্যদলে দ্বিতীয় শ্ৰেষ্ঠ, আৰু বোকাখাট নাট্য দলে ''বিৰাল তপস্যী'' নাটকখনৰ বাবে তৃতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/53837e68-491.png)
ইপিনে সামৰণি অনুষ্ঠানত উপস্থিত থাকি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এটি সুন্দৰ নাটকৰ সংলাপেৰে উপস্থিত সকলোকে আপ্লুত কৰে।
/asomiyapratidin/media/post_attachments/a7ec03fa-53f.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us