চতিয়াৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়তত ৯ খনকৈ চৰকাৰী আঁচনিৰ শুভাৰম্ভ

মুঠ ১৬লাখ ব্যয় সাপেক্ষে নিৰ্মাণ  হ'ব লগা আঁচনি সমূহ চৰকাৰৰ পৰা অনুমোদনৰ ক্ষেত্ৰত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰিছে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়ত এলেকাত  ৯ খন চৰকাৰী আঁচনিৰ কাম শুভাৰম্ভ কৰে মধ্য নাগশংকৰ পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷ গাঁওপঞ্চায়ত এলেকাটোত নিৰ্মাণ হ'বলগীয়া চৰকাৰী আঁচনিৰ বিভিন্ন কাম সমূহৰ শুভাৰম্ভ কৰি  মধ্য নাগশংকৰ পঞ্চায়তৰ সভাপতি গৰাকীয়ে কয় যে, মুঠ ১৬লাখ ব্যয় সাপেক্ষে নিৰ্মাণ  হ'ব লগা আঁচনি সমূহ চৰকাৰৰ পৰা অনুমোদনৰ ক্ষেত্ৰত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰিছে ৷ 

উল্লেখ্য যে, আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰে চতিয়াৰ খণ্ড উন্নয়ন বিষয়া দৰ্শনা দাস , বিজেপি উপ সভাপতি হিতেশ বৰুৱা, মহিলা মৰ্চা , বুথ সমিতিৰ সভাপতি সম্পাদককে ধৰি বিশিষ্ট ব্যক্তি সকলে। উক্ত অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰা সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে যুৱ লেখক সাহিত্যিক তথা গাওঁ পঞ্চায়ত সভাপতি লক্ষী কান্ত বৰাই ।

চতিয়া