চতিয়াত সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

মদ,জুৱা আৰু ড্ৰাগছৰ প্ৰচলনে সমাজৰ কেনেকৈ ক্ষতি কৰে আৰু একোটা পৰিয়াল কেনেকৈ ধংশমুখী হৈ পৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷

author-image
Asomiya Pratidin
New Update
new ap web 5 (20)

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  চতিয়াৰ দক্ষিণ অঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ  ১ নং চতিয়া গাওঁ পঞ্চায়তত বাল্য বিবাহ মদ, জুৱা, ড্ৰাগছ আদি সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে বিশাল সজাগতা সভা অনুষ্ঠিত হয়। জিলা পৰিষদৰ প্ৰাক্তন সদস্য কাজিৰুল হকৰ সভাপণ্ডিতৰ অনুষ্ঠিত সভাত ‌উপ আৰক্ষী অধীক্ষক , চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি কেইবাগৰাকীও প্ৰশাসনিক বিষয়াই অংশগ্ৰহণ কৰি মদ,জুৱা আৰু ড্ৰাগছৰ প্ৰচলনে সমাজৰ কেনেকৈ ক্ষতি কৰে আৰু একোটা পৰিয়াল কেনেকৈ ধংশমুখী হৈ পৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷ 

উল্লেখ্য যে সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে-  মদ, জুৱা, ড্ৰাগছ, এইবোৰে সমাজত বৃহৎ ক্ষতি কৰে ৷ চতিয়াৰ সমিপৱৰ্তী অঞ্চলত এসময়ত বহু অপকৰ্ম চলি আছিল কিন্তু বৰ্তমান ৰাইজৰ সহযোগত সেই অপকৰ্ম ৰোধ কৰা হৈছে যদি কম বেছি পৰিমানে চলি আছে ৷ বিশেষকৈ মদ আৰু ড্ৰাগছে নবপ্ৰজন্মক ধংশৰ মুখলৈ ঠেলি দিছে গতিকে এই বোৰৰ প্ৰচলন  কেৱল চৰকাৰ প্ৰশাসনে ৰোধ কৰিব নোৱাৰে৷ ইয়াৰ বাবে ৰাইজৰ সহযোগীতা নিতান্তই প্ৰয়োজন৷ 

জামুগুৰিহাট পদ্ম হাজৰিকা