/asomiyapratidin/media/media_files/2026/02/02/1-2026-02-02-19-54-06.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সমাগত ২০২৬ বিধান সভা নিৰ্বাচন। নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ মাজত। ইয়াৰ মাজতে দিকৰাইৰ দেওবৰীয়া সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে বজাৰৰ ভিতৰত হঠাতে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই দলীয় কৰ্মীয়ে ৷ নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰৰ বাবে বজাৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰচাৰ চলোৱাৰ বাবে বজাৰৰ মহলদাৰে বজাৰৰ পৰিৱৰ্তে আন স্থানত প্ৰচাৰৰ বাবে অনুৰোধ জনায় ৷ লগতে বজাৰৰ মহলদাৰে কয় - বজাৰৰ ভিতৰত প্ৰচাৰ নচলাবলৈ ৷
/asomiyapratidin/media/post_attachments/e2983756-453.png)
উল্লেখ্য যে, ইয়া পাছতে এক উত্তপ্ত পৰিস্থিত সৃষ্টি হয়। লগতে কংগ্ৰেছৰ প্ৰচাৰ চলাবলৈ অহা ২০-৩০ জনীয়া দলে মহলদাৰক মাৰিবলৈ উদ্যত হয়। জানিব পৰা মতে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ অহা আৰমান আলিকে ধৰি কেইবাজনে মহলদাৰক মাৰিবলৈ উদ্যত হয়। লগে লগেই মহলদাৰে আৰক্ষীক বিষয়টো অৱগত কৰে আৰু এক এজাহাৰ দাখিল কৰে ৷ ইপিনে এজাহাৰৰ ভিত্তিত চতিয়া আৰক্ষীয়ে ইমৰান আলি আৰু ৰাতুল নাথ নামৰ দুজন লোকক আটক কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us