চতিয়াত 'এটি কলি দুটি পাত' আঁচনিৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভণী বিধায়ক পদ্ম হাজৰিকাৰ

দিকৰাই চাহ বাগিচা খনৰ লগতে ইয়াৰ শাখা মনাই, গেলা হাটিঙা ডিপলোঙা আদি শাখ চাহ বাগিচা সমুহৰ উপৰিও ব্যক্তিগত খণ্ডৰ তেজালপট্টি চাহ বাগিছা খনৰো  সৰ্ব্বমুঠ তিনি হাজাৰ চাহ শ্ৰমিক ৰাইজৰ মাজত আজি পাঁচ হাজাৰকৈ টকাৰ এই চেক সমূহ বিতৰণ কৰে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-25 at 10.50.20 PM

ডিজিটেল সংবাদ জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলা খেলপথাৰ আজি “এটি কলি দুটি পাট” আঁচনিৰ চেক বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ চাহ বাগিচাৰ  দুইশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ ৰাজ্যখনৰ সমান্তৰালকৈ চতিয়াৰ ইটাখোলাৰ দিকৰাই চাহ বাগিছা আৰু ইয়াৰ অধিনৰ ছয় টাকৈ শাখাৰ চাহ শ্ৰমিক ৰাইজৰ মাজতো এটি কলি দুটি পাত আচঁনিৰ‌ পাঁচ হাজাৰকৈ টকাৰ এক কালিন সাহাৰ্য্যৰ চেক বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । 

দিকৰাই চাহ বাগিচা খনৰ লগতে ইয়াৰ শাখা মনাই, গেলা হাটিঙা ডিপলোঙা আদি শাখ চাহ বাগিচা সমুহৰ উপৰিও  ব্যক্তিগত খণ্ডৰ তেজালপট্টি চাহ বাগিছা খনৰো  সৰ্ব্বমুঠ  তিনি হাজাৰ চাহ শ্ৰমিক ৰাইজৰ মাজত আজি পাঁচ হাজাৰকৈ টকাৰ এই চেক সমূহ বিতৰণ কৰে ৷ এই চেক বিতৰণী অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সংগ দিয়ে মধ্য নাগশংকৰ পঞ্চায়তৰ সভাপতি লক্ষ্মী কান্ত বৰা,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বীপ কাকতি, চতিয়া খণ্ড উন্নয়ন বিষয়া দৰ্শনা দাস । নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা , নদুৱাৰ সম জিলাৰ আয়ুক্ত কাব্যশ্ৰী ডিহিংয়া আৰু জিলাপৰিষদৰ উপ সভাপতি হিতেশ বৰুৱাকে ধৰি গন্য মান্য ব্যক্তি সকলে।

WhatsApp Image 2026-01-25 at 10.48.46 PM

চতিয়া পদ্ম হাজৰিকা