/asomiyapratidin/media/media_files/2025/11/19/whatsapp-image-2025-11-19-17-12-16.jpeg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ বাসীৰ বাবে এক সু-খবৰ। চতিয়াৰ হাজাৰিমলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নতুনকৈ সংস্থাপন হ'ল মাৰুতি চুজুকি গাড়ীৰ এটা ডিলাৰ। “বজৰং কাৰ ওৱৰ্ল্ড” নামৰ এই ডিলাটোৰ ফিটা কাটি শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
উল্লেখ্য যে, বিধায়ক গৰাকীয়ে কোৱা মতে- যিহেতু এতিয়াৰে পৰা এই ডিলাটোৰ জৰিয়তে মাৰুতী চুজুকি কোম্পানীৰ নতুন গাড়ী ক্ৰয় কৰা আৰু গাড়ী সমূহৰ সকলো ধৰণৰ চাৰ্ভিচং আদি কৰাৰ ক্ষেত্ৰত গ্ৰাহক ৰাইজে লাভ কৰিব বিশেষ সুবিধা ৷
তাৰোপৰি এই ডিলাৰৰ জৰিয়তে নিবনুৱা বহু যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্মসংস্থাপনৰ সুবিধা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us