চতিয়াৰ মালৰ গাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণ

এটা প্ৰকাণ্ড বন গাহৰি গাঁওখনৰ পথাৰত মুক্ত বিচৰণ কৰি আছিল। মুকলি পথাৰৰ পৰা গৰু আনিবলৈ যোৱা পৰাগ বৰদলৈ,সঞ্জিৱ শ‌ইকীয়া আৰু নিকু শ‌ইকীয়াক গাহৰীটোৱে অতৰ্কিতে আক্ৰমণ কৰি গুৰুত্বৰ আহত কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ মালৰ গাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হয় তিনি গৰাকী যুৱক৷ গাওঁ খনত বিয়লি সংঘটিত হয় এই শোকাৱহ ঘটনাটো।এটা প্ৰকাণ্ড বন গাহৰি গাঁওখনৰ পথাৰত মুক্ত বিচৰণ কৰি আছিল। এনেতে মুকলি পথাৰৰ পৰা গৰু আনিবলৈ যোৱা  পৰাগ বৰদলৈ,সঞ্জিৱ শ‌ইকীয়া আৰু নিকু শ‌ইকীয়াক গাহৰীটোৱে অতৰ্কিতে আক্ৰমণ কৰি গুৰুত্বৰ আহত কৰে।

আহত আটাই কেইগৰাকীকে ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি অসামাৰিক চিকিৎসাললৈ নিয়া হয় যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি তিনিওকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ আৰু আৰু আৰক্ষীৰ দল উপস্থিত হৈ আক্ৰমণকাৰী গাহৰিটোক বন বিভাগে নিধন কৰিবলৈ সক্ষম হৈছে।

জামুগুৰিহাট