জুবিন ক্ষেত্ৰৰ বাবে আইন বনাই দিয়া হৈছে, ভংগ কৰিলেই বিপদঃ সকিয়নী মুখ্যমন্ত্ৰীৰ...

ৰাজ্যজুৰি ভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতো জুবিন ক্ষেত্ৰত চৰকাৰে জাৰি কৰা সিদ্ধান্তত অটল আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে পুনৰ জুবিন ক্ষেত্ৰত জাৰি কৰা এছ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি ভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতো জুবিন ক্ষেত্ৰত চৰকাৰে জাৰি কৰা সিদ্ধান্তত অটল আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে পুনৰ জুবিন ক্ষেত্ৰত জাৰি কৰা এছ অ পিক লৈ নিজৰ স্থিতি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 প্ৰথমে জুবিন ক্ষেত্ৰত পুৱা ৬বজাৰ পৰা নিশা ১০বজালৈ মুকলি ৰখাৰ কথা ঘোষণা কৰিছিল যদিও তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত নিশা ১১বজালৈকে বৃদ্ধি কৰিছিল সময়সীমা। ইয়াৰ পাছতো বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে ভিন্ন জনে আপত্তি দৰ্শাইছিল।

শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়ম-নীতি ৰাইজৰ বাবে বনোৱা হৈছে। কেইজনমানে অনুৰোধ জনাইছিল যাতে সোণাপুৰৰ জুবিন ক্ষেত্ৰ বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰা হয়। সেয়ে নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পাছত প্ৰৱেশ বন্ধ কৰা হৈছে অনুৰাগীৰ বাবে। আইন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত বিভিন্ন কাৰ্যসূচীত অংশ লৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে শনিবাৰে বিন্নাকান্দি মণ্ডল বিজেপিৰ কার্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কার্যালয় উদ্বোধন কৰাৰ পাছত লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৯,৩১৩ গৰাকী মহিলাক ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা’ আঁচনিৰ অধীনত চেক বিতৰণ কৰিছিল। এই কাৰ্যসূচীৰ মাজতে জুবিন ক্ষেত্ৰৰ এছ অ পিক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। 

জুবিন গাৰ্গ