"সোনসেৰীয়া বাটেদি আমাৰ অহাযোৱা" উন্মোচন

চাৰিগৰাকী কণ্ঠশিল্পী জীয়ৰী জুৰি বৰুৱা, জয়াদীপা হাজৰিকা, বনদীপা শ‌ইকীয়া আৰু মণিদীপা নেওগে সমস্বৰে নিবেদন কৰা এটি দৃশ্য-শ্ৰব্য গীত "সোনসেৰীয়া বাটেদি আমাৰ অহাযোৱা" মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
80

ডিজিটেল সংবাদ, গুৱাহাটী : যোৰহাটৰ দুগৰাকী শিক্ষাব্ৰতী প্ৰয়াত সৰ্বেশ্বৰ হাজৰিকা আৰু প্ৰয়াত কমলা হাজৰিকাৰ স্মৰণত তেওঁলোকৰ চাৰিগৰাকী কণ্ঠশিল্পী জীয়ৰী জুৰি বৰুৱা, জয়াদীপা হাজৰিকা, বনদীপা শ‌ইকীয়া আৰু মণিদীপা নেওগে সমস্বৰে নিবেদন কৰা এটি দৃশ্য-শ্ৰব্য গীত "সোনসেৰীয়া বাটেদি আমাৰ অহাযোৱা" মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ।

Advertisment

বিশিষ্ট সংগীত পৰিচালক বিষ্ণু শৰ্মাই কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনাৰে সজোৱা গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্য হাজৰিকা, সংগীত শিল্পী বিষ্ণু শৰ্মা, জ্যেষ্ঠ সাংবাদিক,গীতিকাৰ- সুৰকাৰ মণি মহন্ত, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু বিশিষ্ট কণ্ঠ শিল্পী শিৱানী বৰুৱাই। বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত সৰ্বেশ্বৰ হাজৰিকা আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী প্ৰয়াত কমলা হাজৰিকাৰ প্ৰতিচ্ছবিত তেওঁলোকৰ চাৰি কন্যা আৰু উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে বনদীপা শ‌ইকীয়াই এটি বৰগীত পৰিৱেশন কৰে।

তাৰ পিছতে প্ৰাণজিত নাথে আঁত ধৰা অনুষ্ঠানটিত  শ্ৰব্য-দৃশ্য গীতটো প্ৰদৰ্শন কৰা হয়। জুৰি বৰুৱা আৰু বনদীপা শ‌ইকীয়াই গীতটোৰ পৰিকল্পনাৰ বিষয়ে ব্যক্ত কৰে আৰু সংগীত পৰিচালক বিষ্ণু শৰ্মাই প্ৰস্তুতিৰ অভিজ্ঞতা ৰসালভাৱে প্ৰকাশ কৰে।

ড° সূৰ্য হাজৰিকাই যোৰহাটৰ স্মৃতি সুঁৱৰি তেওঁৰ খুৰাক প্ৰয়াত সৰ্বেশ্বৰ হাজৰিকাৰ পৰিয়ালটো আৰু চাৰিগৰাকী ভগ্নীৰ সাফল্যৰ বিষয়ে কয়। জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে গীতটি শ্ৰোতা-দৰ্শকে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে।

মণি মহন্তই শিল্পী বনদীপা শ‌ইকীয়া আৰু তেওঁৰ পিতৃ-মাতৃৰ সাহচৰ্যৰ কথা সুঁৱৰি চাৰি কন্যাৰ এনে সাংগীতিক শ্ৰদ্ধাঞ্জলিৰ শলাগ লয়। কণ্ঠশিল্পী শিৱানী বৰুৱাইও গীতটো সুন্দৰ হোৱা বুলি মন্তব্য কৰে।

তেওঁ শিক্ষয়িত্ৰী কমলা হাজৰিকাৰ চেতাৰ বাদনৰ কথা আৰু সহপাঠী বনদীপাৰ সৈতে পাৰ কৰা সংগীতময় সময়ৰ কথা স্মৰণ কৰে। উল্লেখযোগ্য যে চাৰিগৰাকী গায়িকা ভগ্নীৰ সহোদৰ ভাতৃ শান্তনু হাজৰিকা আৰু ভালেমান আত্মীয়, শুভাকাংক্ষী অনুষ্ঠানটোত উপস্থিত আছিল।

guwahati press club