তৃতীয়বাৰৰ বাবে আজি মোডীৰ শপতগ্ৰহণঃ সৰ্বানন্দ সোণোৱাল আকৌ কেন্দ্ৰীয় মন্ত্ৰী হোৱাতো নিশ্চিত...

তৃতীয়বাৰৰ বাবে আজি মোডীৰ শপতগ্ৰহণঃ সৰ্বানন্দ সোণোৱাল আকৌ কেন্দ্ৰীয় মন্ত্ৰী হোৱাটো নিশ্চিত...

author-image
Asomiya Pratidin
New Update
তৃতীয়বাৰৰ বাবে আজি মোডীৰ শপতগ্ৰহণঃ সৰ্বানন্দ সোণোৱাল আকৌ কেন্দ্ৰীয় মন্ত্ৰী হোৱাতো নিশ্চিত...

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে।  সন্ধিয়া ৭বাজি ১৫মিনিটত আৰম্ভ হব মোডীৰ এই ৩.০শপত গ্ৰহণ অনুষ্ঠান। এইবাৰৰ লোকসভা নিৰ্বাচনত সৰ্ববৃহত দল হিচাপে বিবেচিত হলেও একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাৰ বাবে বিজেপিয়ে পূৰ্বৰ এন ডি এৰ সহযোগী দলসমূহৰ সৈতে মিলি এই চৰকাৰ গঠন কৰিব।

Advertisment

এইবাৰৰ এন ডি এৰ চৰকাৰত বিশেষ ভাৱে প্ৰভাৱ থাকিব জে ডি ইউ আৰু টেলেগু দেশম পাৰ্টিৰ। ৰাষ্ট্ৰীয় এক সংবাদমাধ্যমে সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰা খবৰ অনুসৰি, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ৩.০ চৰকাৰত প্ৰথম পৰ্যায়ত এগৰাকী মন্ত্ৰীক এক বা তাতোধিক মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পন কৰা হব।

আজি সন্ধিয়া প্ৰধানমন্ত্ৰীৰ লগতে অন্য কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নৰেন্দ্ৰ মোডীয়ে শপত লোৱাৰ পাছতে গৃহ, প্ৰতিৰক্ষা, বিত্ত আৰু বিদেশ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি সূত্ৰই সদৰি কৰিছে। এই সমূহ মন্ত্ৰালয় বিজেপিৰ হাততেই থাকিব। বাকী অন্য দপ্তৰসমূহ সহযোগী দলসমূহক প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ পৰা মোডী মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালৰ স্থান প্ৰায় নিশ্চিত হৈছে। আজি দিনৰ ১১.৩০বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ নিমন্ত্ৰণ কৰা হৈছে সোণোৱালক। হয়তো এই বৈঠকতে সোণোৱালৰ দপ্তৰৰ সন্দৰ্ভত আলোচনা কৰা হব।

ইফালে ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰপতি ভৱনত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ  হৈছে। কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ লগতে উপস্থিত থাকিব ৮সহস্ৰাধিক অতিথি।  

সৰ্বানন্দ সোণোৱাল