/asomiyapratidin/media/media_files/2025/11/03/m-nbjmnj-2025-11-03-13-39-21.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গাড়ী ৰখোৱাই ডকাইতৰ দলে লুটি নিলে ধন ৷ ৰঙাপৰাৰ ১ নং যোগিবিলৰ আমেন্দ্ৰ বড়ো নামৰ ব্যৱসায়ী জনক তিনিখন গাড়ীৰে আগুচি ধৰি এটা দলে মাৰধৰ কৰি লুটি নিলে এক লাখ টকা ৷
দেওবাৰে বিয়লি বালিপৰাত থকা টায়াৰ দোকান এখনৰ পৰা নিজৰ গাড়ীৰ বাবে টায়াৰ ক্ৰয় কৰিৱলৈ গৈছিল যুৱ ব্যৱসায়ী জন ৷ কিন্তু বালিপৰাৰ পৰা নিজৰ AS-12-AF -9433 নম্বৰৰ বলেৰ গাড়ী খনেৰে ঘৰলৈ ওভতি অহি থকা অৱস্থাতে ৰঙাপৰা মহাবিদ্যালয়ৰ সমীপত AS-12- AK -7622 আৰু ML -05-AF- 4776 নম্বৰৰ গাড়ীসহ আন এখন গাড়ীয়ে আগুচি ধৰে যুৱ ব্যৱসায়ী আমেন্দ্ৰ বড়োৱে চলাই যোৱা গাড়ী খনক ৷
তিনিখনকৈ গাড়ীত থকা পাঁচজনীয়া এটি দলে আগুচি ধৰা আমেন্দ্ৰ বড়োৰ গাড়ী খনত শিলৰে ক্ষতিসাধন কৰি গ্লাছ আদি ভাঙি গাড়ীৰ পৰা নামি অহিবলৈ ভাবুকি প্ৰদান কৰে ৷ পাছত ডকাইতৰ দলটিয়ে ব্যৱসায়ী জনক গাড়ীৰ ভিতৰৰ পৰা বলপূৰ্বক নমাই আনি আন এখন গাড়ীত বহুৱাই লৈ বেয়াকৈ মাৰধৰ কৰি চাৰিদুৱাৰ দিশে লৈ যায় ৷ লগতে যুৱ ব্যৱসায়ী আমেন্দ্ৰ বড়োৱে নিজৰ গাড়ীখনত থোৱা এক লাখ টকাও লুটি লয় ৷ ডকাইতৰ দলটিয়ে নিজৰ গাড়ীত বহুৱাই নিয়াৰ সময়ত হত্যা কৰি পেলায় দিয়াৰো ভাবুকিও প্ৰদান কৰে ৷
পৰৱৰ্তীসময়ত চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰি ততাতৈয়াকৈ গৈ ব্যৱসায়ী জনক উদ্ধাৰ কৰে আৰু ৰঙাপৰা আৰক্ষীক চমজাই দিয়ে ৷ ইয়াৰ লগতে ডকাইতি কাণ্ডৰ সৈতে জড়িত কৃষ্ণকান্ত দাস, অৰ্পন কছাৰী, দিগন্ত কছাৰী, চুজিত কুমাৰ খাউণ্ডক আটক কৰি ৰঙাপৰা আৰক্ষীক চমজাই দিয়ে ৷
আনহাতে, ডকাইতিৰ ঘটনাৰ সৈতে জড়িত চানু গুৰুং নামৰ অপৰাধী গৰাকী বৰ্তমানেও পলাতক অৱস্থাত আছে ৷ পলাতক চানু গুৰুঙৰ ঘৰ ভালুকপুঙত বুলি জানিব পৰা গৈছে ৷ ব্যৱসায়ী অমেন্দ্ৰ বড়োৱে ইতিমধ্যে ৰঙাপৰা আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ ডকাইতৰ দলটিয়ে ব্যৱসায়ী অমেন্দ্ৰ বড়োক বেয়াকৈ মাৰধৰ কৰাৰ ফলত গুৰুতৰ ভাবে আহত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us