শোণিতপুৰত ফুটুকাৰফেনত পৰিণত এম জি এনেৰগা নিশ্চিত নিয়োগ ব্যৱস্থা

গ্ৰামাঞ্চলৰ সৰ্বাঙ্গীণ উন্নয়নৰ লগতে জবকাৰ্ডৰ জৰিয়তে এশ দিনৰ কামৰ নিশ্চিত নিয়োগৰ হেতু কেন্দ্ৰীয় চৰকাৰে শ শ কোটি টকাৰে সুদীৰ্ঘ দিন ধৰি এম জি এনৰেগা আঁচনিৰ ৰূপায়ণ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
198

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,তেজপুৰ : গ্ৰামাঞ্চলৰ সৰ্বাঙ্গীণ উন্নয়নৰ লগতে জবকাৰ্ডৰ জৰিয়তে এশ দিনৰ কামৰ নিশ্চিত নিয়োগৰ হেতু কেন্দ্ৰীয় চৰকাৰে শ শ কোটি টকাৰে সুদীৰ্ঘ দিন ধৰি এম জি এনৰেগা আঁচনিৰ ৰূপায়ণ কৰি আহিছে। এনে সময়তে শোণিতপুৰ জিলাৰ ১ লাখ ৩০ হেজাৰ ৫৩ গৰাকী জবকাৰ্ড  শ্ৰমিকৰ ভিতৰত ২০২৩-২৪ বৰ্ষত মাত্ৰ ২৫১ গৰাকীয়ে আৰু ২০২৪-২৫ বৰ্ষত মাত্ৰ ৬৮১ গৰাকী শ্ৰমিকেহে এশ দিনৰ কাম পোৱাৰ ঘটনাই বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপটো দাঙি ধৰিছে।

Advertisment

এইক্ষেত্ৰত ২০০৫ চনৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা এম জি এনৰেগা আঁচনিখন সম্প্ৰতি শোণিতপুৰত জিলাত একপ্ৰকাৰ ধোৱাঁচাঙত উঠাৰ দৰেহে হৈছেগৈ। উল্লেখ্য যে দৰিদ্ৰতা প্ৰশমনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এম জি এনৰেগা আঁচনি খন এসময়ত বহুলভাৱেও সমাদৃত হৈছিল ৷

কিন্তু পৰৱৰ্তী সময়ত ৰূপায়নৰ ক্ষেত্ৰত চলা অনিয়ম আৰু বৰ্তমানৰ চৰকাৰৰ এলাগী মনোভাৱে আঁচনিখনক একপ্ৰকাৰ প্ৰহসনলৈ পৰিণত কৰিলে। এই সন্দৰ্ভত  চলা অনুসন্ধানত পোহৰলৈ অহা বহু বিস্ফোৰক তথ্যই শোণিতপুৰ জিলাত বিগত তিনিটা বছৰত আঁচনিখন প্ৰকৃততে কেনেদৰে ৰূপায়ণ হৈছে সেয়া সকলো উদঙাই দিছে ।

জানিব পৰা মতে শোণিতপুৰৰ বালিপৰা, বৰছলা, বিহগুৰি,ঢেকিয়াজুলি,গাভৰু,নদুৱাৰ,ৰঙাপাৰা আৰু চতিয়াকে ধৰি আঠটা উন্নয়ন খণ্ডৰ অধীনত থকা  এনৰেগাৰ জবকাৰ্ড শ্ৰমিকৰ সংখ্যা সৰ্বমুঠ ১ লাখ ৩০ হেজাৰ ৫৩ গৰাকী ৷ সেই অনুসৰি এনৰেগাৰ নিয়োগ নিশ্চিত আইনৰ যোগেদি প্ৰতি জবকাৰ্ডৰ গৰাকীয়ে বছৰটোত এশ দিনৰ কাম নিশ্চিতভাৱে
পাব লাগে যদিও সেয়া হৈ উঠা নাই।

আশ্বৰ্যজনক বিষয় এয়ে যে শোণিতপুৰ জিলাত চলিত বৰ্ষত এই পৰ্যন্ত মাত্ৰ ৫ গৰাকী শ্ৰমিকেহে এশ দিনৰ কাম লাভ কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত ১৬ হাজাৰ এশ ১৪ গৰাকী জবকাৰ্ড শ্ৰমিক থকা বালিপাৰা উন্নয়ন খণ্ড, ১ হেজাৰ ৭৪ গৰাকী জবকাৰ্ড থকা বিহগুৰি উন্নয়ন খণ্ড, ১৭ হাজাৰ ৩ শ ৩৩ গৰাকী জবকাৰ্ড শ্ৰমিক থকা বৰছলা উন্নয়ন খণ্ড, ২৫ হাজাৰ ৯ শ ৯৫ গৰাকী জবকাৰ্ড শ্ৰমিক থকা ঢেকিয়াজুলি, ১৩ হাজাৰ ৩ শ ৬৯ গৰাকী জবকাৰ্ড শ্ৰমিক থকা গাভৰু আৰু ৮ হাজাৰ ৩৭৩ গৰাকী জবকাৰ্ড শ্ৰমিক থকা ৰঙাপাৰা উন্নয়ন খণ্ডৰ এগৰাকী শ্ৰমিকেও এশ দিনৰ কাম এইপৰ্যন্ত পোৱা নাই ৷

ইয়াৰ বিপৰীতে নদুৱাৰ উন্নয়ন খণ্ডৰ ২৩ হেজাৰ ২৬৬ শ্ৰমিকৰ বিপৰীতে মাত্ৰ চাৰিজনে আৰু চতিয়া উন্নয়ন খণ্ডৰ ১৫ হেজাৰ ৯২৯ জবকাৰ্ড শ্ৰমিকৰ বিপৰীতে মাত্ৰ এজনেহে এশ দিনৰ কাম পাইছে। প্ৰাপ্ত তথ্য মতে  ২০২৪-২৫ বৰ্ষত জিলাখনৰ ১ লাখ ৩৩ হাজাৰ ৫৩ গৰাকী শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬৮১ গৰাকীয়ে আৰু ২০২৩-২৪ বৰ্ষত মাত্ৰ ২৫১ গৰাকী শ্ৰমিকেহে এশ দিনৰ কাম পাবলৈ সক্ষম হয় ৷

এইক্ষেত্ৰত জিলা খনৰ জবকাৰ্ড শ্ৰমিকৰ উক্ত তথ্যই ২০২৩ চনৰ পৰাই শোণিতপুৰত নিশ্চিত নিয়োগ আঁচনিৰ এশ দিনৰ কামৰ নিশ্চয়তাত এক প্ৰহসন চলি অহাটো স্পষ্ট কৰি দিছে। উল্লেখ্য যে এম এনৰেগাৰ অধীনত চলিত বৰ্ষত উন্নয়ন খণ্ড অনুসৰি বালিপাৰাই ১৩ হাজাৰ ৮৮ খন, বিহগুৰিয়ে ৭ হাজাৰ ৫৩৬ খন, বৰছলাই ১০ হাজাৰ ১৫৮ খন, ঢেকিয়াজুলিয়ে ১৮ হাজাৰ ৮৯০ খন, গাভৰুৱে ১১ হাজাৰ ৬৬৩ খন, নদুৱাৰে ১৩ হাজাৰ ৯১২ খন, ৰঙাপাৰাই ৬ হাজাৰ ৪৮৫ খন আৰু চতিয়াই ১২ হেজাৰ ৪৫৬ খন আঁচনিৰ কাম আৰম্ভ কৰে৷

সেই হিচাপত জিলা খনত চলিত বৰ্ষত সৰ্বমুঠ ৯৪ হাজাৰ ১৮৮ খন আঁচনি এনৰেগাৰ অধীনত ৰূপায়নৰ বাবে লোৱা হয় ৷ ইয়াৰ ভিতৰত এইপৰ্যন্ত কেউটা উন্নয়ন খণ্ডৰ মুঠ ৭৪ হাজাৰ ৯৪৮ খন আঁচনিৰ কাম সম্পূৰ্ণ কৰা হয় আৰু ১৯ হেজাৰ ২৪০ খন আঁচনিৰ কাম বৰ্তমানেও চলিছে আছে ৷

আনহাতে অনুসন্ধানত লাভ কৰা তথ্য মতে চলি থকা আঁচনিসমূহৰ ৰূপায়নত কাম কৰি থকা শ্ৰমিকসকলে যোৱা দুমাহ ধৰি জবকাৰ্ডৰ বিপৰীতে মজুৰী আদায় পোৱা নাই ৷ ইফালে বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে এম জি এনৰেগা শ্ৰমিকৰ মজুৰীৰ বাবদ যোৱা দুই মাহ ধৰি চৰকাৰে কোনো ধনেই মুকলি কৰি দিয়া নাই ৷

উল্লেখ্য যে, এনৰেগাৰ অধীনস্থ আঁচনি ৰূপায়নত শ্ৰমিকৰ মজুৰিৰ লগতে আঁচনিত ব্যৱহৃত সামগ্ৰীৰ বাবদ তথা সামগ্ৰীৰ শিতানত প্ৰয়োজনীয় ধনৰাশি পৃথকে আবন্টন দিয়া হয় ৷ জানিব পৰা মতে শোণিতপুৰ জিলাৰ এনৰেগাৰ সামগ্ৰীৰ শিতানৰ ধন ২০২৪ চনৰ পৰাই চৰকাৰে মুকলি কৰি দিয়া নাই ৷

এনে ক্ষেত্ৰত এতিয়া দুমাহ ধৰি প্ৰাপ্য মজুৰি আদায় নোপোৱা শ্ৰমিকসকলৰ লগতে বিভিন ধৰনৰ সা- সামগ্ৰী যোগান ধৰা ভেণ্ডৰসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ ৷ তদুপৰি সামগ্ৰীৰ ধন মুকলি নকৰাৰ ফলত বহু আঁচনিৰ ৰূপায়ন সম্পূৰ্ণ হৈ উঠা নাই ৷

আনহাতে এম জি এনৰেগাৰ প্ৰতি চৰকাৰৰ এলাগী দৃষ্টিভংগীৰ ফলস্বৰূপে সম্প্ৰতি এনে জটিল অৱস্থা পাইছেগৈ যে জিলাখনৰ উন্নয়ন খণ্ড সমূহে এতিয়া এনৰেগাৰ কাম-কাজ সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থবিৰ হৈ পৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে নিশ্চিত নিয়োগ আইন অনুসৰি কোনো জবকাৰ্ডধাৰী শ্ৰমিকে বছৰটোত যদি কমেও ১৫ দিনৰ কাম নাপায়, তেনেহ'লে সেই জবকাৰ্ডধাৰী শ্ৰমিকক  চৰকাৰে নিবনুৱা ভাট্টা দিব লাগে ৷

কিন্তু, জিলাখনৰ ১ লাখ ৩০ হাজাৰোধিক জবকাৰ্ডধাৰীৰ বহু সংখ্যকেই ১৫ দিনৰ কাম নোপোৱাকৈ ৰৈছে ।যদিও আইন অনুসৰি এই শ্ৰমিকসকলক অদ্যপি নিবনুৱা ভাট্টা প্ৰদান কৰা হোৱা নাই ৷

এইক্ষেত্ৰত এয়া শোণিতপুৰ জিলাৰহে সাম্প্ৰতিক অৱস্থা যদিও সমগ্ৰ ৰাজ্যখনতে সামগ্ৰিকভাৱে এসময়ত বহুল সমাদৃত এম জি এনৰেগা আঁচনিখন একেদৰেই প্ৰহসনত পৰিণত হৈ ধোৱাচাঙত উঠাৰহে উপক্ৰম ঘটিছে । এনে ক্ষেত্ৰত এম জি এনৰেগা আঁচনিখন এনেদৰেই ক্ৰমান্বয়ে বন্ধ কৰি দিয়াৰ দিশে চৰকাৰ অগ্ৰসৰ হৈছে নেকি বুলিও স্বাভাৱিকতেই সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে ৷ এইক্ষেত্ৰত চৰকাৰে আঁচনিখনক লৈ ভৱিষ্যতে কেনে পদক্ষেপ গ্ৰহন কৰে লক্ষ্যণীয় হ'ব।

তেজপুৰ