/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-13-2025-12-01-21-30-05.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : নাঙলৰ সিৰলুত সোণোৱালী শইচ উৎপাদনৰ সপোন ৰচি পুৱতি নিশাতেই কান্ধত হাল-কোৰ লৈ খেতি পথাৰলৈ ওলাই যোৱা চহা কৃষকসকল কাতি মাহৰ পৰাই হেঁপাহৰ সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে। কপালৰ ঘাম মাটিত পেলাই ৰ'দে বৰষুণে অতি কষ্টৰে জলসিঞ্চন ব্যৱস্থা নোহোৱাকৈয়ে আকাশলৈ চাই হালবাই খেতি কৰি আপোন পথাৰখনৰ পৰা উৎপাদন কৰা ধান লাভজনকভাৱে বিক্ৰী কৰি পৰিয়ালটোৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেও প্ৰতিগৰাকী কৃষকে কঠোৰ সংগ্ৰাম কৰি আহিছে।
এনে সময়তে ৰাজ্যৰ বিজেপি চৰকাৰ আৰু কৃষি বিভাগৰ চকুৰ আগতে শোণিতপুৰ জিলাৰ প্ৰান্তে প্ৰান্তে একাংশ সুবিধাবাদী ব্যৱসায়ীয়ে উপযুক্ত মূল্য নিদি চূড়ান্ত মইমতালিৰে নিজ খেয়াল খুচি মতেই পানীৰ দৰত মোনে মোনে ধান ক্ৰয় কৰাত লোকচানৰ সন্মুখীন হোৱা কৃষক সকলৰ মাজত হাহাকাৰ লাগিছে। প্ৰতিবিঘা কৃষি ভূমিৰ বাবদ হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা ধানৰ সঠিক মুল্য নাপাই কৃষকসকল হতাশ হৈ পৰিছে।
কিন্ত ইয়াৰ পিছতো কৃষকৰ সমস্যাৰ বুজ ল'বলৈ চৰকাৰ আৰু কৃষি বিভাগৰ মুঠেই আহৰি হোৱা নাই। দুৰ্ভাগ্যজনক বিষয় এয়ে যে অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহল শোণিতপুৰৰ হোৱাৰ পিছতো জলসিঞ্চন ব্যৱস্থাৰ অভাৱত জিলাখনৰ কৃষকসকলে পথাৰত পানীৰ অভাৱত সদায় আকাশলৈ চাই খেতি কৰিবলগীয়া হৈ আহিছে।
এইক্ষেত্ৰত এইবাৰ জিলাখনত বিগত বৰ্ষৰ দৰে প্ৰলয়ংকৰী বানপানী নোহোৱাৰ কাৰণে সময়মতে বৰষুণৰ পানী পাই লহপহকৈ বাঢ়ি অহা ধাননি দৰা দেখি কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছিল যদিও ব্যৱসায়ীয়ে আশাত চেঁচাপানী ঢালি কম মূল্যত লাখ লাখ টকাৰে ধান ক্ৰয় কৰি মুনাফা আদায়ত নামি পৰাত সকলো চিন্তিত হৈ পৰিছে। অভিযোগ অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি একাংশ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীৰ সহযোগতে পূঁজিপতি বণিয়াগোষ্ঠীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অবাণিজ্যিক কৃষিভূমিতে বিশাল বিশাল ধানমিল স্থাপন কৰি ব্যৱসায় চলাই গৈছে।
কিন্ত এনেদৰে কাঠফুলাৰ দৰে য'তত'তে গঢ়ি উঠা চৰকাৰৰ অনুমোদিত এই ধানমিলবোৰৰ পৰা কৃষকসকল তিলমানো লাভবান হোৱা নাই। উল্লেখ্য যে জিলাখনৰ ঢেকিয়াজুলি,ঠেলামৰা, তেজপুৰ,চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত প্ৰতিবছৰে ৮০ হাজাৰৰো অধিক হেক্টৰ ভূমিত কৃষকে ধানখেতি কৰি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-ima-2025-12-01-21-25-44.jpeg)
সেই অনুসৰি পকাৰ লগে লগে কাটি আনি মৰণা মাৰি চোতালত জমা কৰা ধান ক্ৰয় কৰিবলৈ এতিয়া গাঁৱে-ভূঞে অগণন ব্যৱসায়ী উপস্থিত হৈছে। আনকি বহু কৃষকে উৎপাদিত ধান জমা কৰি ৰাখিবৰ কাৰণে কোনো বিশেষ সুবিধা নথকাৰ বাবে সেই ধান যিকোনো প্ৰকাৰে ক্ৰয় কৰিবলৈ ব্যৱসায়ী সকলে চেষ্টা চলাই অহা সকলোৰে পৰিলক্ষৰ হৈ আহিছে।
অভিযোগ মতে চৰকাৰে ধানৰ মূল্য সঠিকমূল্য নিৰ্দ্ধাৰণ কৰি নিদিয়াৰ বাবেই ব্যৱসায়ীয়ে সুযোগ লৈ অতি কম দামত জধেমধে ধান ক্ৰয় কৰিছে। উল্লেখ্য যে বৰ্তমান সময়ত ব্যৱসায়ীয়ে কৃষকৰ পৰা প্ৰতি মোন ৰণজিৎ আৰু বিছমুঠী ধান জিলাখনৰ ঠায়ে মাত্ৰ ৬৫০ ৰ পৰা আৰম্ভ কৰি ৬৯০ টকাৰ ভিতৰত ক্ৰয় কৰিছে আৰু সেই মতে প্ৰতি কুইণ্টল ধানৰ মূল্য ১৬২৫ ৰ পৰা ১৭২৫ টকাহে হয়গৈ।
ইফালে ঠেলামৰা অঞ্চলত বহু ব্যৱসায়ীয়ে কৃষকে ধান ঘৰত জমা ৰাখিব নোৱাৰা পৰিস্থিতিক লৈ সৃষ্টি হোৱা সমস্যাৰ সুযোগ গ্ৰহন কৰি মোনে প্ৰতি ৫৫০ টকা আৰু কুইণ্টলত ১৩২৫ টকা দিয়া বুলিও অভিযোগ উঠিছে। উল্লেখ্য যে ব্যৱসায়ীয়ে কম মূল্যত ক্ৰয় কৰা ধান জিলাখনৰ মিল সমূহত অধিক মূল্যত বিক্ৰী কৰি লাখ লাখ টকাৰ মুনাফা আদায় কৰাত নামি পৰিছে।
এই সন্দৰ্ভত জিলাখনৰ একাংশ কৃষকে কয়- পথাৰত হালবাই ধান ৰুই কাটি আনি ভৰালত সোমোৱালৈকে প্ৰতি বিঘাত ৭৫০০ ৰ পৰা ৮০০০ টকা খৰচ হয়গৈ। এতিয়া ১ বিঘা ধান কটাৰ বাবদ দাৱনিক ১৮০০ ৰ পৰা ২০০০ টকা আৰু মেচিনত বিঘাত ২০০০ ৰ পৰা ২১০০ টকা দিবলগীয়া হয় আৰু তেনেক্ষেত্ৰত বিক্ৰীৰ সময়ত যদি ধানৰ উচিত মূল্য নিদিয়ে আমি কিদৰে চলিম,পৰিয়াল কেনেকৈ চলাম, অন্ততঃ চৰকাৰে কৃষকৰ কথাও অকণমান শুনক।
কিয়নো ব্যৱসায়ীৰ পৰা আজিলৈকে আমি কেতিয়াও সঠিক মূল্য পাবলৈ সক্ষম হোৱা নাই আৰু চৰকাৰেও এতিয়ালৈকে এই বৰ্ষৰ ধান আমাৰ পৰা ক্ৰয়ৰ বাবে কোনো পদক্ষেপ গ্ৰহন কৰা নাই। ইফালে বিহগুৰি মৌজাৰ এজন আদৰ্শ কৃষকে কয় যথেষ্ট খৰচৰ পিছতহে আমি কিছু উৎপাদনৰ মুখ দেখো যদিও তিনিশ মোনলৈকে ধান বিক্ৰী কৰাৰ পিছতো আমি বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছোঁ।
উল্লেখ্য যে ঠাই বিশেষে ৰণজিৎ ধান প্ৰতি বিঘাত ১০-১৩ মোন, বিচমুঠি ১২-১৩ মোন আৰু আইজং ধান ১০-১২ মোন পৰ্যন্তহে উৎপাদন হয় আৰু তাৰ লগে লগে প্ৰতি বছৰে সাৰৰ পৰিমাণ বিঘাত কমেও ১ ৰ পৰা ২ কেজিকৈ বাঢ়ি যায়। অভিযোগ মতে অসম চৰকাৰে কৃষকৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি ধান কটাৰ সময়ত শোণিতপুৰ জিলা কৃষি বিভাগ আৰু ভাৰতীয় খাদ্য নিগমৰ অধীনৰ ধানক্ৰয় কেন্দ্ৰসমূহে কৃষকৰ পৰা ধান ক্ৰয়ৰ হেতু কোনো পদক্ষেপ গ্ৰহন নকৰা বাবেই কৃষকে উচিত মুল্য নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে।
উল্লেখ্য যে ভাৰতীয় খাদ্য নিগমৰ অধীনত বিন্দুকুৰিত এটা, এ এফ এচ চি এল তথা চৰকাৰৰ অধীনত মিছামাৰী (চাৰিদুৱাৰ), বৰছলা,ঢেকিয়াজুলি আৰু জামুগুৰিহাটৰ কাঠবাৰীকে ধৰি জিলাখনত পাঁচটাকৈ ধান ক্ৰয় কেন্দ্ৰ আছে। কিন্ত চৰকাৰে এই কেন্দ্ৰ সমূহৰ জৰিয়তে বৰ্তমান সময়ত ধান ক্ৰয় কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰাত কৃষকসকল ক্ষুদ্ধ হৈ পৰিছে।
ইফালে ব্যৱসায়ীয়ে কৃষকসকলৰ পৰা পানীৰ দৰত কুইণ্টলে কুইণ্টলে ধান ক্ৰয় কৰি থকা দেখি শুনিও এচি ৰূমত বহি থকা শোণিতপুৰৰ জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাই আজিলৈকে সমস্যাৰ বুজ লবলৈ কৃষকসকলৰ কাষত উপস্থিত নোহোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জিলাখনৰ পুঠিমাৰী,কাৱৈমাৰী,নবিল ,বৰগাও, ঠেলামৰা,জামুগুৰিহাট, বালিপৰাকে ধৰি বিভিন্ন প্ৰান্তত ইতিমধ্যেই বহু কৃষকে ধান কাটি মাৰি চোতালত গুটি জমা কৰা ধান অধিক দি ৰাখিবৰ কাৰণে অসুবিধা হোৱাত লগে লগে বিক্ৰী কৰিবলৈ বাধ্য হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2-2025-12-01-21-28-49.jpeg)
ইয়াৰোপৰি এতিয়াও গৰিষ্ঠ সংখ্যাক কৃষকৰেই ধান কটা সম্পূৰ্ণ হোৱা নাই। এইক্ষেত্ৰত উৎপাদিত ধানৰ বিপৰীতে সঠিক মুল্য নোপোৱাত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। ইফালে জলসিঞ্চন অবিহনে বছৰ বছৰ দিন ধৰি অতি কষ্টৰে উৎপাদন কৰা ধানৰ উচিত মূল্য নাপাই বহু কৃষকে খেতি কৰিবলৈ বাদ দিয়াত শোণিতপুৰত কৃষিভূমিৰ পৰিমান দিনকদিনে অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰা এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য মতে শোণিতপুৰত ২০১৯-২০ বৰ্ষত ৯৫৭৫৬ হেক্টৰ ভূমিত,২০২১-২২ বৰ্ষত ৯৩৪২২ হেক্টৰত, ২০২২-২৩ বৰ্ষত ৯২২০৫ হেক্টৰত আৰু ২০২২-২৩ বৰ্ষত ৮৫৮৫৯ হেক্টৰ কৃষিভূমিত বিভিন্ন খেতি হৈছিল ৷ কিন্তু বিজেপি চৰকাৰৰ শাসনকালত ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষৰ ভিতৰত জিলাখনত ৯৮৯৭ হেক্টৰৰো অধিক কৃষিভূমি হ্ৰাস পায় ৷
অভিযোগ মতে জিলাখনৰ কৃষকে প্ৰতিবছৰে ৭০ হাজাৰৰ অধিক কৃষিভূমিত ধান আৰু ১৪ হেজাৰৰ অধিক হেক্টৰ ভূমিত ৰবি শস্যৰ খেতি কৰি অহাৰ পিছতো চৰকাৰে আজিলৈকে এখনো নিয়মীয়া জলসিঞ্চন ব্যৱস্থা গঢ়ি তুলিব পৰা নাই ৷ অথচ অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ গৃহজিলাখনেই শোণিতপুৰ। উল্লেখ্য যে ২০২১- ২০২২ বৰ্ষত শোণিতপুৰ জিলাত ৰাজ্যখনৰ আন জিলাৰ তুলনাত অভিলেখ ৰচি ৩১৪৩০২ মেট্ৰিকটন পৰিমানৰ ধান উৎপাদন হৈছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us