/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-16-42-34.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত বিগত বৰ্ষৰ দৰে এইবাৰো বালিপৰা উন্নয়ন কমিটিৰ উদ্যোগত আৰু মাজুলী গাওঁ উন্নয়ন সমিতিৰ সহযোগত মাজুলীগাঁৱৰ পথাৰত পৰম্পৰাগত ভাৱে ভেলাঘৰ সাজি ইয়াৰ সমীপতে ভোগালীৰ এসাঁজ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে। বালিপৰা উন্নয়ন কমিটিৰ সম্পাদক হেমেন দাসে আঁত ধৰা অনুষ্ঠানত ইংৰাজী নৱবৰ্ষৰ এখন কেলেণ্ডাৰো শুভ উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/4bbd0338-faf.png)
উল্লেখযোগ্য যে, বালিপৰা উন্নয়ন কমিটিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বৃহত্তৰ বালিপৰা অঞ্চলৰ ১৫ খনকৈ গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক সকলে ভোগালীৰ এসাঁজ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটিতেই অসম প্ৰকাশন পৰিষদে আগবঢ়োৱা যুৱলেখক বঁটাপ্ৰাপক বালিপৰাৰ ভকত গাৱৰ প্ৰাঞ্জল প্ৰতীম বৰাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/62778d30-52b.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us