/asomiyapratidin/media/media_files/2026/01/01/568-2026-01-01-22-50-23.jpg)
ডিজিটেল সংবাদ, নগাঁও : নৱবৰ্ষৰ পহিলা দিনটোতেই নগাঁৱৰ প্ৰণৱ বৰুৱা কলা ক্ষেত্ৰত জুবিন গাৰ্গক সুঁৱৰি উদীয়মান কণ্ঠশিল্পী ধৃতিমান কাশ্যপৰ ''মৰতৰ পাৰিজাত'' নামেৰে এটি গীত মুকলি হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সংগীত জীৱনৰ সত্তাক সাৰুগত কৰি চন্দন বেজবৰুৱাই অতি সুমধুৰ শব্দয়ে লিখা গীত কথাত, প্ৰাঞ্জল বৰাই সংগীত আৰু ধৃতিমান কাশ্যপে সুৰ আৰু কণ্ঠ নিগৰুৱা গীতটো অসমৰ ৰাইজে আঁকোৱালীলৈ আশীৰ্বাদ প্ৰদান কৰিব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী।
এই গীত উন্মোচনী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নগাঁও-বটদ্ৰবা সমষ্টিত বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা বিশিষ্ট চিকিৎসক তথা কবি পৰাগ শইকীয়া নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ লগতে কেইবাগৰাকীও নগঞা সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us