/asomiyapratidin/media/media_files/2025/12/02/376-2025-12-02-17-36-55.jpg)
ডিজিটেল সংবাদ, গহপুৰ : গহপুৰ সমজিলাত আঘোণ মাহৰ সোণোৱালী ধাননী পথাৰত মঙলবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান। অসমীয়াৰ জাতীয় সাজ পৰিধান কৰি কেইবাগৰাকী বয়োজ্যেষ্ঠৰ লগতে হাতে হাতে কাঁচি লৈ একাংশ দাৱনী পথাৰত সমৱেত হৈ অনুষ্ঠিত কৰিলে উক্ত ব্যতিক্ৰমী তথা বিশেষ অনুষ্ঠান।
উক্ত বিশেষ অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰা হ'ল ধান, ধাননী পথাৰ, ৰোৱনী, দাৱনী, নদীক লৈ প্ৰস্তুত কৰা এটি গীত। গহপুৰৰ ব্যক্তিগত খণ্ডৰ এখন উল্লেখযোগ্য বিদ্যালয় মৰ্ণিং ষ্টাৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ পৰিচালন সঞ্চালক তথা জ্যেষ্ঠ সংগীত শিল্পী যাদৱ চলিহাৰ কথা, সুৰ আৰু কণ্ঠৰ 'ধান দিয়া, পথাৰখন মোক দিয়া' শীৰ্ষক গীতটো মুক্তি দিয়া হয় ধাননী পথাৰৰ মাজত।
এই উপলক্ষে গহপুৰ সমজিলাৰ বালিজান বিলতীয়া গাঁৱৰ ধাননী পথাৰত বিনোদ আত্ৰেয়ৰ সঞ্চালনাত অনুষ্ঠিত গীত মুকলি অনুষ্ঠানটোৰ আঁত ধৰে সংগীত শিল্পী যাদৱ চলিহাই। উক্ত অনুষ্ঠানতে যাদৱ চলিহাৰ কথা, সুৰ আৰু কণ্ঠৰ 'ধান দিয়া, পথাৰখন মোক দিয়া' শীৰ্ষক গীতটো আনুষ্ঠানিক ভাবে মুকলি কৰে বিলতীয়াৰ নিৱাসী, এগৰাকী সফল কৃষক তথা ধৰ্মপ্ৰাণ ব্যক্তি পীতাম্বৰ হাজৰিকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/02/whatsapp-image-2025-12-02-17-39-22.jpeg)
গীত মুকলি অনুষ্ঠানটোত বিলতীয়া গাঁৱৰ বিশিষ্ট খেতিয়ক কেশৱ ভূঞা, ভৱ ৰাজখোৱা, বুলু হাজৰিকা,বিনোদ আত্ৰেয়, ৰুদ্ৰ ভৰালী, যুৱ সাংবাদিক পলাশ ফুকন, ৰমেন বৰাৰ উপৰিও বিলতীয়া আৰু আখৈফুটা গাঁৱৰ মহিলা ৰিজু হাজৰিকা, সৰুভনী হাজৰিকাকে ধৰি বহু কেইগৰাকী দাৱনী উপস্থিত থাকে। নিউজ নৰ্থ আচাম নামৰ ফেচবুক পৃষ্ঠাই নিৱেদন কৰা গীতটো নিউজ নৰ্থ আচামৰ ফেচবুক পৃষ্ঠা আৰু ইউটিউব চেনেলৰ জৰিয়তে শ্ৰোতা ৰাইজলৈ আগবঢ়োৱা হৈছে।
ৰমেন বৰা ব্যৱস্থাপনাত বানীবদ্ধ কৰা গীতটোৰ সংগীত সংযোজন আৰু সংমিশ্ৰন মানস প্ৰতীম বৰাৰ। ব্যতিক্ৰমী ধৰণৰ গীতটো শ্ৰোতা ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে সংগীত শিল্পী যাদৱ চলিহাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us