
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কৰ'ণা ৰোগক অসম তথা গোলাঘাটত বিশেষভাৱে সাম্প্ৰদায়িকীকৰণ কৰা কাণ্ডৰ অন্তৰালৰ অভিসন্ধিক তথ্য সহকাৰে ফাদিল কৰি চৰকাৰক জবাবহীন কৰি তোলাৰ বাবে শনিবাৰে কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা কৃষক নেতা সোনেশ্বৰ নৰহক বোকাখাত মহকুমা আৰক্ষী বিষয়াই সন্ধিয়া ৫ বজাত তলব কৰে।
নৰহে জনোৱা মতে, পোনপ্ৰথমেই আৰক্ষী বিষয়াই কয় যে আপুনি এজন এক্টিভিষ্ট মানুহ৷ অসমত আপোনাৰ যথেষ্ট followers আছে। গতিকে কৰ'ণা ব্যৱস্থাপনা প্ৰসংগত সমালোচনাত্মক কথা চচিয়েল মাধ্যমত লেখা মেলা নকৰিব। তেওঁ লগতে কয় 'অৱশ্যে মই আপোনাৰ ফ্ৰেণ্ডলিষ্টত নাই বাবে মই পঢ়িবলৈ পোৱা নাই'। তেতিয়া নৰহে প্ৰশ্ন কৰে যে "আপুনি নপঢ়াকৈ কেনেকৈ গম পালে মই কি লিখিছো"। তেতিয়া আৰক্ষী বিষয়াই জনালে যে এয়া ওপৰৱালাৰ নিৰ্দেশ। মই দায়িত্ব পালকহে। ইয়াৰ লগে লগে তেওঁৰ টেবলেটত সোনেশ্বৰ নৰহৰ facebook page চাই মত ব্যক্ত কৰে যে এই কথাখিনি বিশেষভাৱে "কোৱাৰেণ্টাইন বুলি ফলক লগাই দিলেই হৈ যায় নেকি? ব্যৱস্থাৰ গোমৰ ফাঁক ঢাকিবলৈ "থু-কাণ্ড"।
WHO ৰ মতে, কোৱাৰেণ্টাইনৰ সংজ্ঞা কি?"। নৰহক সোধা হ'ল কিয় তেনেকে লিখিলে।যুক্তি দৰ্শাই নৰহে ক'লে যে "কৰ'ণা হস্পিতেল হিচাপে ইতিমধ্যে কেইবাখনো হস্পিতেল ঘোষণা কৰিছে; ইয়াৰ ভিতৰত গোলাঘাট হস্পিতেল নপৰে। এফালেদি কোৱাৰেণ্টাইন কৰি ৰখা লোকে থু-পেলালে মানুহৰ গাত পৰিব পৰাকৈ ই কেনে কোৱাৰেণ্টাইন ৱাৰ্ড হ'ব পাৰে ইয়াক লৈ প্ৰশ্ন তোলা হ'ল। চিনাক্ত ৰোগীৰ বাবে সন্দেহ কৰা ৰোগীৰ বাবে বিকল্প হস্পিতেল থাকোতে কিয় গোলাঘাটত ৰোগীসকলক আৱদ্ধ কৰি "সাম্প্ৰদায়িকতাৰ মেলা স্বীকাৰ হ'বলৈ এৰি দিছে? গতিকেই তথাকথিত সচেতন লোকৰ চকুত ধূলি মাৰি ব্যৱস্থাৰ আসোঁৱাহ ঢাকিবলৈ সহানুভূতিৰ ৰাজনীতি কৰি সাম্প্ৰদায়িক বিষ বাষ্প মেলা কাণ্ডক কেনেকৈ মানি থকা যায়।
তেখেতে নৰহক পৰামৰ্শ দিয়ে যে অন্যভাৱে অৱগত কৰাৰ পন্থা লওক। আপোনাৰ ফলৱাৰ্চ যথেষ্ট আছে ওপৰমহলত দিগদাৰ হয়।আনহাতেদি ফেচবুকৰ তথ্য সম্বলিত কৰ'ণাৰ ৰিপৰ্ট আৰু প্ৰশ্নসমূহ ডিলিট কৰিবলৈ অনুৰোধ কৰে। আপোনাৰ পষ্টৰ প্ৰতিক্ৰিয়া বাঢ়িলে ওপৰৱালাৰ নিৰ্দেশ আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। নৰহে প্ৰশ্ন তোলে যে ওপৰৱালাজন কোন আৰু ওপৰৱালাজনে মোলৈ ভাবুকি পঠাইছে নেকি? তেতিয়া জনালে যে দুৰ্যোগ ব্যৱস্থাপনা আইন এখন আছে তাৰ আধাৰতে ইয়াৰ একচন হ'ব পাৰে। তেতিয়া নৰহে প্ৰশ্ন তোলে যে কোৰোনাক কেন্দ্ৰ কৰি যিসকলে সাম্প্ৰদায়িক বীজ ৰোপণ কৰিছে, কোৰোনাক লক ডাউনৰ সময়ৰ খাদ্যসংকট, PDS/Agriculture deptt খেতিয়কৰ খাদ্য ক্ৰয়ৰ বিতৰণৰ বিসংগতি, মুচলমানক দেখিলেই গুলিয়াই মৰা, ঘৰৰ কাষৰ মুচলমানক খেদি খেদি মৰা আদি কাণ্ডৰ কথা চছিয়েল মেডিয়াৰ মানুহখিনিক কি কোৱা যাব।
আৰক্ষী বিষয়াই দুখ প্ৰকাশ কৰি কয় যে সাম্প্ৰদায়িক হোৱা উচিত নাছিল। তেওঁলোক কালিৰ পৰা এই সন্দৰ্ভত কঠোৰ হোৱাৰ কথা স্বীকাৰ কৰে আৰু সহযোগিতা কামনা কৰে তেনেলোকৰ সন্ধান দিবলৈ। অন্যান্য খাদ্য সংকট, যোগানত বাধা প্ৰসংগত বিভাগক অৱগত কৰক। আপুনি চছিয়েল মেডিয়াত সদ্যহতে প্ৰচাৰ নকৰিব। আপোনাৰ ফলৱাৰ্চ বেছি।
তেখেতে ২৯পৃষ্ঠাৰ আইনখনৰ লিংক এটা নৰহক হোৱাটচাপৰ যোগেদি প্ৰদান কৰে আৰু তেওঁৰ তথ্য সম্বলিত লেখাসমূহ ডিলিট কৰি দিবলৈ আহ্বান জনায়। ইফালে ছচিয়েল প্ৰতিটো বিৰ্তকিত পোষ্টৰ ওপৰত চকু ৰাখিছে ৰাজ্যৰ জনসংযোগ বিভাগে। বিভাগে ইতিমধ্যে এই বিষয়ৰ সন্দৰ্ভত এক বিবৃত্তিও জাৰি কৰিছে। বিৰ্তকিত পোষ্টৰ পৰা আতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে তেনে পোষ্ট দিয়া সকলক বিহিত ব্যৱস্থাৱ লোৱাৰো সকিয়নী দিছে।