/asomiyapratidin/media/media_files/2025/12/12/466-2025-12-12-14-43-14.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঢকুৱাখনা বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনৰ নৱনিৰ্মিত সোনাৰী চাপৰি উপআস্থান নিয়ন্ত্ৰণকক্ষ অচিৰেই ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত হ'ব । সোনাৰী চাপৰি সদৰত অৱস্থিত এই উপ আস্থান নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে বৃহত্তৰ খজুৱাৰ পৰা আৰম্ভ কৰি জালভাৰী , মৌখোৱা ,কেঁকুৰী পমুৱা, টামাৰগাঁও ,সোনাৰী চাপৰি ,কেঁকুৰী, বালিদেউৰী , লাটিবৰ চুক, পতিয়া , চেলাজান আদি সমগ্ৰ অঞ্চলৰ গ্ৰামাঞ্চলৰ গ্ৰাহক ৰাইজ বাধাহীন আৰু অবিৰত বিদ্যুৎ সেৱা উপভোগ কৰিবলৈ সক্ষম হব ।
এই লক্ষ্যৰে বিদ্যুৎ বিভাগে ঢকুৱাখনা নিয়ন্ত্ৰণ কক্ষৰ পৰা সোনাৰী চাপৰি নিয়ন্ত্ৰণ কক্ষ সংযোগী নতুনকৈ নিৰ্মীয়মান প্ৰায় ১৩ কিলোমিটাৰ দৈৰ্ঘৰ ৩৩ কে ভি বিদ্যুৎ পৰিবাহী লাইনৰ সংস্থাপনৰ কাম সম্পূৰ্ণ কৰিছে । ঢকুৱাখনা সদৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা চাওৰুকীয়া ,আমকটিয়া , কাঠৰবাৰী, দুলিয়া ,কলাকতা, চেতিয়া ,সুঁতিমুখ, জালভাৰী, বাঁহপৰা ,কোঁৱৰ গাঁও আৰু বামুণ গাঁওৰ মাজেৰে পাৰ হৈ যোৱা এই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী লাইনৰ পৰীক্ষামূলক প্ৰবাহ ১৪ ডিচেম্বৰৰ পাছত যিকোনো মুহূৰ্তত সম্পন্ন হব বুলি ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ উপ সংমণ্ডল অভিযন্তা আদিত্য কুমাৰ তামুলীয়ে জানিবলৈ দিছে ।
গ্ৰাহকৰ নিৰন্তৰ বিদ্যুৎ সেৱা উপলব্ধ কৰাৰ বাবে বিভাগে এই সোনাৰী চাপৰি নিয়ন্ত্ৰণ কক্ষত ৪ টা সুকীয়া ফিডাৰ নিৰ্মান কৰাৰ ব্যৱস্থা কৰা বুলিও জনালে বিষয়া তামূলীয়ে । অচিৰেই ৰাইজৰ সেৱাত উৎসৰ্গা কৰিব লগীয়া এই উচ্চ বিদ্যুৎ পৰিবাহী লাইনৰ পৰীক্ষামূলক প্ৰবাহ সম্পন্ন কৰাৰ সময়ত সমীপবৰ্তী অঞ্চল সমূহৰ ৰাইজ সতৰ্ক হোৱাৰ আহ্বান জনাইছে বিদ্যুৎ বিভাগে ।
অহা ১৪ ডিচেম্বৰৰ পৰা এই সমূহ অঞ্চলৰ ৰাইজে এই নৱনির্মিত লাইনৰ বিদ্যুতৰ খুঁটাত উঠা বা স্পৰ্শ কৰা , তাঁৰৰ স্পৰ্শৰ পৰা সম্পূৰ্ণ ৰূপে বিৰত থাকিবলৈ আহ্বান জনাইছে । অন্যথা যি কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হলে বিদ্যুৎ বিভাগ দায়বদ্ধ নহব বুলিও সকীয়াই দিছে ।
উল্লেখযোগ্য ঢকুৱাখনা সদৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিগত সময়ত এই সমূহ দুৰণীবতীয়া অঞ্চলত বিদ্যুৎ সেৱা যোগান ধৰি অহাৰ বাবে বিদ্যুৎ গ্ৰাহক সকল নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ অহাৰ প্ৰায়ে অভিযোগ উত্থাপিত হৈছিল । শেহতীয়াভাৱে বিভাগৰ এই যোগাত্মক পদক্ষেপে এই অভাৱ সমস্যাৰ স্থায়ী সমাধান ঘটাব বুলি আশা কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us