Advertisment

সাংবাদিক, সমাজ সংগঠক আব্দুল ৰফিক সোঁৱৰণী ক্ৰীড়া সমাৰোহ সম্পন্ন

সমাজ সংগঠক আব্দুল ৰফিকৰ সোঁৱৰণত আজি সোণাৰি টিয়ক ৰজাবাৰী খেলপথাৰত ১৫ সংখ্যক আব্দুল ৰফিক সোঁৱৰণী ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি টিয়ক ৰজাবাৰী খেৰবাৰী খেলপথাৰত আয়োজন কৰা সমাৰোহ খনি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
hjbf

ডিজিটেল সংবাদ,সোণাৰিঃ  সোণাৰি অঞ্চলৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া, সমাজ সংগঠক আব্দুল ৰফিকৰ সোঁৱৰণত আজি সোণাৰি টিয়ক ৰজাবাৰী খেলপথাৰত ১৫ সংখ্যক আব্দুল ৰফিক সোঁৱৰণী ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হয়।

Advertisment

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি টিয়ক ৰজাবাৰী খেৰবাৰী খেলপথাৰত আয়োজন কৰা সমাৰোহ খনি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। 

ইয়াৰ পিছত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক অভিভাবিকা সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ উপৰিও কাবাদী, ভলিবল, লং জাম্প, দৌৰ, ৰচি টনা আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

বিয়লি উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ সিঙৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সোণাৰিৰ জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাসে প্ৰয়াত আব্দুল ৰফিকৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকত কৰি ভাষণ দিয়ে।

সমাজকৰ্মী আছাদুৰ ৰহমানে আঁতধৰা অনুষ্ঠানটোত সাংবাদিক মৃত্যুঞ্জয় দাসৰ লগতে যুৱ সমাজকৰ্মী দ্বয় ক্ৰমে ছামিম আহমেদ, উত্তম চাংমাইৰ, অধিবক্তা আছিকুৰ ৰহমান আদিয়ে বিজয়ী প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰ সমূহ বিতৰণ কৰে। 

ক্ৰীড়া সমাৰোহ