/asomiyapratidin/media/media_files/2025/11/21/ap-web-4-1-2025-11-21-17-17-21.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰতিটো দিনতে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহে লাখ লাখ অনুৰাগী। প্ৰত্যেক দিনতে হৰিনাম ধ্বনিৰে গুঞ্জৰিত হৈ থাকে এই জুবিন ক্ষেত্ৰ। জুবিন বিহীন দুমান অতিক্ৰম কৰিলে প্ৰতিজন অসমীয়াই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/image-3-2025-11-21-17-13-04.png)
প্ৰাণিধানযোগ্য যে অহৰহ ২২ দিনেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰূপায়ণ কৰিছে বিনামূলীয়া চাহৰ বিপনী। এই বিপনীৰ উদ্দেশ্য এটাই জুবিন ক্ষেত্ৰলৈ অহা অগণন ভক্ত আৰু দৰ্শনাৰ্থীক চাহৰ যোগান ধৰা। যিহেতু প্ৰতিদিনে বহু লোক আহে জুবিন ক্ষেত্ৰলৈ। সেয়ে প্ৰতিদিনে জুবিন ক্ষেত্ৰলৈ অহা শতাধিক গুণমুগ্ধক একাপ চাহ দিয়াৰ ব্যৱস্থা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/image-4-2025-11-21-17-13-21.png)
তাৰোপৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক নিলোৎপল খাউণ্ড বোকাখাত জিলা সমিতিৰ উপদেষ্টা বিপুল বৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ভৰালীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/image-5-2025-11-21-17-13-36.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us