প্ৰাণৰ শিল্পীৰ সমাধিক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ

আজি দেওবাৰ। আজি পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিছিগা সোঁত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 5.54.10 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আজি দেওবাৰ। আজি পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ লানি নিছিগা সোঁত। উজনিৰ পৰা নামনি, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো প্ৰান্তৰ পৰা আহিছে লাখে লাখে অনুৰাগী। 

উল্লেখ্য যে সোণাপুৰৰ হাতীমূৰাৰ সেউজীয়াৰ মাজত চিৰকালৰ বাবে শুই পৰা হিয়াৰ আমঠুৰ টুকুৰাটোক অকলশৰে থাকিব দিয়া নাই ৰাজ্যৰ হাজাৰ হাজাৰ শোকাকুল জনতাই । প্ৰতি নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে জুবিন গাৰ্গক শেষ বিশ্ৰামথলীত ধূপ-বন্তি জ্বলোৱাৰ লগতে গামোচা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে। আজিও একেই পৰিৱেশ দেখা গৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত।  


তাৰোপৰি প্ৰতিজন অসমীয়াই এটাই আশা কৰিছে জুবিন গাৰেগে ন্যায় পাব লাগে। 

সোণাপুৰ জুবিন গাৰ্গ