সোণাপুৰক লৈ বিৰূপ মন্তব্যঃ ডিজিটেল ক্ৰিয়েটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল...

জুবিন গাৰ্গৰ শেষ সমাধি সোণাপুৰ হ’ব বুলি চৰ্চা হোৱাৰ মাজতে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰি ৰোষত পৰিছে এগৰাকী মহিলা।

author-image
Tushar Pratim
New Update
সোণাপুৰক লৈ বিৰূপ মন্তব্যঃ ডিজিটেল ক্ৰিয়েটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল...

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ শেষ সমাধি সোণাপুৰ হব বুলি চৰ্চা হোৱাৰ মাজতে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰি ৰোষত পৰিছে এগৰাকী মহিলা। অসম চৰকাৰে জুবিন গাৰ্গৰ সমাধিৰ বাবে সোণাপুৰত ভূমিৰ সন্ধান কৰি প্ৰস্তাৱ কৰাৰ পাছতে লেখাপ্ৰিয়া পাত্ৰ নামৰ এগৰাকী ডিজিটেল ক্ৰিয়েটৰে সোণাপুৰ তথা ডিমৰীয়াবাসীৰ স্বাভিমান, পৰম্পৰা, ৰীতি-নীতি, ঐতিহ্য আদিক লৈ ইতিকিং কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগেৰে গুৱাহাটী মহানগৰ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই সোণাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। অভিযোগ অনুসৰি লেখাপ্ৰিয়া পাত্ৰ নামৰ মহিলাগৰাকীয়ে সোণাপুৰ কেৱল মদ-মাংসৰ বাবে বিখ্যাত, এখন অখ্যাত ঐতিহ্য নথকা স্থান বুলি উপহাস কৰিছে। সেয়ে তেওঁক সোণাপুৰৰ নাগৰিক সমাজ,দল-সংগঠনে লেখাপ্ৰিয়া পাত্ৰক গৰিহণা দি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।  

জুবিন গাৰ্গ