/asomiyapratidin/media/media_files/2026/02/12/110-2026-02-12-18-00-02.jpg)
ডিজিটেল সংবাদ, সোণাপুৰ : সোণাপুৰৰ তুলসী নগৰত বুধবাৰে নিষিদ্ধ মাংস গাঁৱৰ মাজেৰে সৰবৰাহ কৰাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। যাৰ বাবে বৃহস্পতিবাৰে তুলসী নগৰবাসীয়ে ধৰ্মীয় নীতি- নিয়মৰ মাজেৰে নাম কীৰ্তন কৰি গংগাজল ছটিয়াই গাঁৱখন শুদ্ধিকৰণ কৰে।
উল্লেখযোগ্য যে তুলসী নগৰৰ পিছফালে ৰাজহুৱা বিলৰ চৰকাৰী ভূমি বেদখল কৰি সন্দেহযুক্ত নাগৰিকে নতুন বস্তি নামেৰে এখন গাঁও সাজিছে । যাক লৈ শংকিত হৈ পৰিছে তুলসী নগৰবাসী।
কচুতলিৰ লগতে অসমৰ ভিন্ন স্থানত উচ্ছেদিত হোৱা সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে অঞ্চলটো। কালি সন্ধিয়াৰ ভাগত সন্দেহজনক লোকে শিল আৰু লাঠীৰে মহিলাসহ কেইবাজনো লোকক আক্ৰমণ কৰাৰ পিছত এতিয়া সমগ্র অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us