/asomiyapratidin/media/media_files/2025/11/24/1-2025-11-24-14-35-59.jpg)
ডিজিটেল সংবাদ,সোণাপুৰঃ সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ প্ৰয়াত সম্পাদক ৰবীন চন্দ্ৰ মেধিৰ সোঁৱৰণত 'সাহিত্যৰ দিন'ৰ আয়োজন কৰা হয় । সেই উপলক্ষে সোণাপুৰৰ ডিমৰীয়া ভৱনত দিনৰ ১১বজাত "জুবিন গাৰ্গৰ গীত আৰু কবিতাত বৈপ্লৱিক সত্ত্বা" শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা পৰিলক্ষিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত জুবিন গাৰ্গ আৰু ৰবীন চন্দ্ৰ মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি মাল্যাৰ্পন কৰে সহধৰ্মিনী অনিমা মেধিয়ে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/image-13-2025-11-24-14-34-18.png)
তাৰোপৰি সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সহ:সম্পাদক তপন চন্দ্ৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিত্বত কৰে ৰূপেন কুমাৰ চৌধুৰীয়ে। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা মৰিগাঁওৰ চৰাইবাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ বন্দনা বৰুৱাই জুবিন গাৰ্গৰ কেইবাটাও গীত আৰু কবিতাত বিপ্লৱী দৃষ্টিভংগী সন্দৰ্ভত বিশ্লেষণ আগবঢ়াও দেখা যায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/image-12-2025-11-24-14-34-38.png)
প্ৰাণিধানযোগ্য যে অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱাই । সোণাপুৰ শতদল শাখা সাহিত্য সভা আৰু আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ অসম সংগীত পৰিৱেশনৰে সামৰণি পৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/image-14-2025-11-24-14-35-07.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us