সোণাপুৰৰ কচুতলিত হিন্দু সন্মিলন সম্পন্ন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে উচ্ছেদিত স্থান কচুতলিত বিশাল হিন্দু সন্মিলনৰ আয়োজন কৰা হয়। কাৰ্যকৰী সভাপতি ৰথীন্দ্ৰ দাসগুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হয় সন্মিলন।

author-image
Asomiya Pratidin
New Update
HINDUDSDDD

ডিজিটেল সংবাদ, সোণাপুৰ: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে উচ্ছেদিত স্থান কচুতলিত বিশাল হিন্দু সন্মিলনৰ আয়োজন কৰা হয়। কাৰ্যকৰী সভাপতি ৰথীন্দ্ৰ দাসগুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক নৃপেন বৰ্মন আৰু বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি চবিন ৰাজখোৱা উপস্থিত থাকি সমবেত ৰাইজক বৌদ্ধিক প্ৰদানেৰে উদ্বুদ্ধ কৰে। 

সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে যুৱনেতা দিব্যজোতি মেধিয়ে। সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানটোত দিহানাম আৰু সংকীৰ্তনৰ লগতে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। অনুষ্ঠানটোৰ ৰাতিপুৱা কচুতলিৰ ৰাইজৰ সুবিধাৰ্থে এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। 

উল্লেখযোগ্য যে, ইতিপূৰ্বে যোৱা ১৮ জানুৱাৰীত দুৰুঙত, ২৭ জানুৱাৰীত কলংপাৰত, ১ফেব্ৰুৱাৰীত সোণাপুৰত আৰু ৫ ফেব্ৰুৱাৰীত হিন্দু সন্মিলনৰ আয়োজন কৰা হয়। কচুতলিৰ ১১১টা হিন্দু পৰিয়ালে জনজাতীয় আৱেষ্টনীত অবৈধ ভাৱে বসবাস কৰা বিশ সহস্ৰাধিক সন্দেহযুক্ত নাগৰিকৰ মাজত কেইবা দশক ধৰি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে বসবাস কৰিৰলৈ বাধ্য হৈছিল। সমগ্র অসমৰ ভিতৰত একমাত্ৰ কচুতলিৰ উচ্ছেদিত স্থানত আয়োজিত এই বিশাল হিন্দু সন্মিলনে বিশেষ তাৎপৰ্য বহন কৰিছে।

সোণাপুৰ