সোণাপুৰ মহাবিদ্যালয়ত  "কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ মানৱ সমাজ"শীৰ্ষক  বক্তৃতা সম্পন্ন

সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ড০  ধনজিৎ মেধি সোঁৱৰত "কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ মানৱ সমাজ" শীৰ্ষক স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন।

author-image
Tushar Pratim
New Update
সোণাপুৰ মহাবিদ্যালয়ত  "কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ মানৱ সমাজ"শীৰ্ষক  বক্তৃতা সম্পন্ন

ডিজিটেল সংবাদ সোণাপুৰঃ  সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ড০  ধনজিৎ মেধিৰ কৰ্মৰাজিৰ সামাজিক স্বীকৃতিস্বৰূপে তেখেতৰ জন্মদিনটোত মহাবিদ্যালয় পৰিয়ালৰ লগতে ড০  ধনজিৎ মেধি ফাউণ্ডেচনে ড০ ধনজিৎ মেধি স্মাৰক তথা মহাবিদ্যালয়ৰ বাৰ্ষিক বক্তৃতানুষ্ঠান যোৱা ২০০৮ চনৰ পৰা নিয়মীয়াকৈ মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত কৰি আহিছে।

সোণাপুৰ মহাবিদ্যালয়ত  

এই বেলিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আজি প্ৰয়াত ড০ ধনজিৎ মেধিৰ স্মৃতিত মহাবিদ্যালয়ত অনুষ্ঠিত হয় "কৃত্ৰিম বুদ্ধিমত্তা আৰু ভবিষ্যতৰ মানৱ সমাজ’’ শীৰ্ষক বক্তৃতা অনুষ্ঠান। সাহিত্য অকাডেমী সাহিত্য অনুবাদ বঁটাপ্ৰাপক তথা কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন তালুকদাৰে প্ৰয়াত মেধিৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা বক্তৃতানুষ্ঠানটোত "কৃত্ৰিম বুদ্ধিমত্তা আৰু ভবিষ্যতৰ মানৱ সমাজ" শীৰ্ষক বক্তৃতা প্ৰদান কৰি বহু অজানা কথা অৱগত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড০  মাধুৰ্য প্ৰসাদ বৰাই। 

সোণাপুৰ মহাবিদ্যালয়ত  

অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰ আৰু ড০ ধনজিৎ মেধি ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী ক্ষীৰদা মালীও নিজৰ বক্তৃব্য প্ৰদান কৰে।

সোণাপুৰ কলেজ সোণাপুৰ