/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ,সোণাপুৰঃ সোণাপুৰৰ বালিগেটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। আনহাতে আহত হৈছে আন চাৰিজন। যাত্ৰীবাহী বলেৰ' বাহন এখনে ট্ৰাকৰ পিছপিনে খুন্দা মৰাৰ ফলতে এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য় অনুসৰি, গোলাঘাটৰ পৰা গুৱাহাটীলৈ আহি আছিল ক্ৰমে মাংগালদে কামান,পৃথ্বীৰাজ ছেত্ৰী, শৰ্মা পাছং, চাকলাই পাছং আৰু জলুৱা কামান। ঘটনাত প্ৰাণ হেৰুৱাই মাংগালদে কামান নামৰ লোকজনে।আনহাতে দুৰ্ঘটনা সংঘটিত হোৱা পাছতে উক্ত ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
দুৰ্ঘটনাগ্ৰস্ত বলেৰ' বাহনখনৰ নম্বৰ AS05U4101 বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত সোণাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে।