/asomiyapratidin/media/media_files/2025/11/15/duwa-2025-11-15-13-28-14.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ বৰ্তমান সময়ত সকলোৰে এটাই কথা জুবিন গাৰ্গে ন্যায় লাভ কৰিব লাগে । সৰুৰ পৰা বৃদ্ধ লৈকে সকলোৱে বিচাৰিছে জুবিনৰ ন্যায়। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে এৰগেট হৈ থকাটো বিচাৰিছিল জুবিন গাৰ্গে।
প্ৰণিধানযোগ্য যে, জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক সমলোচনা কৰি দোৱা বিচাৰি ৰাজ্যৰ বহু কেইজন মৌলানা উপস্থিত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত। জুবিন ক্ষেত্ৰত তেওঁলোক উপস্থিত হৈ চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়াৰ বাবে আৰু জুবিন গাৰ্গৰ জন্নত নাচিব হোৱাৰ বাবে দোৱা কৰে।
উল্লেখ্য যে কেৱল আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব বুলি উল্লেখ কৰি আল্লাৰ ওচৰত চৰকাৰখনক সুমতি প্ৰদান কৰিবলৈ দোৱা কৰা ও পৰিলক্ষিত হয়। তেওঁলোকৰ দোৱাৰ পৰা স্পষ্ট ৰূপত চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ পোৱা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us