/asomiyapratidin/media/media_files/2025/09/05/whatsapp-image-2025-09-05-21-39-59.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ জীৱন জীবিকাৰে প্ৰচণ্ড সংঘৰ্ষ কৰি স্বাৱলম্বী হোৱা এজন যুৱক। আৰ্থিক জৰ্জৰতাৰ বাবে একান্ত ইচ্ছা থকা স্বত্বেও মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পাছত আনুষ্ঠানিক শিক্ষা সাং কৰি ব্ৰতী হল স্বাৱলম্বনৰ ক্ষেত্ৰখনত। ঢকুৱাখনাৰ সমজিলাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ ভদ্ৰ শীল বৈশ্য নামৰ এইগৰাকী প্ৰায় ২৬ বছৰীয়া যুৱকৰ বাবে এতিয়া জীৱন জীয়াই থকাটো দুৰ্বিসহ হৈ পৰিছে।
সোণাৰি চাপৰিৰ বাসিন্দা মথুৰা বৈশ্যৰ কনিষ্ঠ পুত্ৰ ভদ্ৰশীল বৈশ্য যোৱা প্ৰায় এটা বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অসহ্য পীড়াগ্ৰস্ত জীৱন নিৰ্বাহ কৰিছে। বিগত প্ৰায় এটা বছৰৰ পূৰ্বে সৰ্বশৰীৰত বিষ অনুভৱ কৰা অতি অমায়িক, কষ্টসহিষ্ণু যুৱক ভদ্ৰশীল বৈশ্যই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। চিকিৎসকে হাড়ৰ ৰোগ হোৱাৰ চিকিৎসা কৰি থকাৰ পৰৱৰ্তী সময়ত ৰোগৰ প্ৰাদুৰ্ভাৱ দুগুণ বৃদ্ধি পাইছিল।
দিনকদিনে ৰোগৰ সংক্ৰমণ বৃদ্ধি পাই অহাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে ভদ্ৰশীলক গুৱাহাটীত উন্নত চিকিৎসা আৰু পৰীক্ষা কৰাৰ পাছত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে। নিজৰ বুলি কোনোমতে এটা ভেঁটিৰ যোগাৰ কৰি পিতৃ ,ভাতৃয়ে আনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দৈনিক সেৱা আগবঢ়াই ৪ গৰাকীকৈ ব্যক্তিক পোহপাল দি থকা দৰিদ্ৰ মথুৰা বৈশ্যৰ পৰিয়ালটোলৈ নামি অহা এনে অকল্পনীয় দুৰ্যোগৰ পাছত হাঁহাকাৰ কৰিব লগা হৈছে ৰোগীয়া ভদ্ৰ শীলৰ চিকিৎসা ব্যয়ৰ বিচাৰি।
এখন পান দোকান দি দৰিদ্ৰতাৰে যুঁজি অহা বিনয়ী ভদ্ৰশীল বিগত প্ৰায় এটা বছৰে শৰ্য্যাশায়ী জীৱন কটোৱাৰ বাতৰি পায় বৃহত্তৰ সোনাৰী চাপৰিৰ ব্যৱসায়ী ৰাইজ, ব্যক্তিয়ে স্বেচ্ছাই আৰ্থিক দান বৰঙণি সংগ্ৰহ কৰি গুৱাহাটীত নিয়মীয়া চিকিৎসা সেৱা প্ৰদানত সহযোগিতা আগবঢ়াই আহিছে। শেহতীয়া ভাবে চিকিৎসকৰ পৰামৰ্শ মতে ভদ্ৰৰ বহু কেইটা জটিল চিকিৎসা কৰাতো অতিকৈ জৰুৰী।
এনে প্ৰেক্ষাপটত আৰ্থিক ভাৱে জুৰুলা হোৱা দৰিদ্ৰ পৰিয়ালটোৱে ৰোগাক্ৰান্ত ভদ্ৰৰ জীৱন বচাবলৈ গৈ কেৱল আৰ্থিক অনাটনৰ বাবে থমকি ৰব লগা হৈছে । অতি কম সময়ৰ ভিতৰতে জৰুৰী চিকিৎসা প্ৰদানৰ বাবে চিকিৎসকৰ কাষলৈ যাবলৈও ধনৰ নাটনি হোৱা ভদ্ৰৰ জীৱন দানৰ বাবে এতিয়া অৰ্থ সাহায্য কামনা কৰিছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে ।
ঢকুৱাখনাবাসী তথা অসমবাসী ৰাইজৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ঢকুৱাখনাৰ স্থানীয় বিধায়ক নব কুমাৰ দলেকো সাধ্য অনুসৰি আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে । ৰোগাক্ৰান্ত যুৱক ভদ্ৰশীলক সহায় কৰিবলৈ একাউন্ট নম্বৰ 006010014475, Ifsc - IPOS0000001ত আৰ্থিক সহযোগিতা প্ৰদানৰ লগতে ফোন নম্বৰ 6003230277ত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালটোৱে।